India:✒️মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিষোদগাৰৰ সময়তে পোহৰলৈ আহিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৰিষ্ঠ সংখ্যক লোকৰে ভাৰতৰ প্ৰতি ইতিবাচক তথা সম্ভাৱ আছে।
কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই নহয়, বিশ্ব ৰাজনীতিত প্রভাব থকা ব্রিটেইন, কানাডাকে ধৰি বিশ্বৰ ২৪ খন দেশৰ অধিকাংশ নাগৰিকে ভাৰতৰ প্ৰতি ইতিবাচক মনোভাৱ পোষণ কৰে। এই তথ্য পোহৰলৈ আহিছে বিশ্বখ্যাত পিউ ৰিছাৰ্চ চেষ্টাৰে শেহতীয়াকৈ সম্পন্ন কৰা এক সমীক্ষাত।
গতিকে প্রাচীন সভ্যতাৰ দেশ ভাৰতক বিশ্ববাসীয়ে ‘বিশ্বগুৰু’ৰূপে গ্ৰহণ কৰাৰ লক্ষণ ফুটি উঠিছে। উল্লেখ্য যে পিউ ৰিছাৰ্চৰ ইয়াৰ পূৰ্বৰ সমীক্ষাটোত দেখা গৈছিল যে ইজৰাইলৰো অধিকাংশ লোকে ভাৰতৰ প্ৰতি ইতিবাচক মনোভাৱ পোষণ কৰি আহিছে।
পিউ ৰিছাৰ্চে চলিত বৰ্ষত ২৪ খন দেশৰ লোকক সামৰি এনে এক সমীক্ষা পুনৰ চলায়। যোৱা আঠ জানুৱাৰীৰ পৰা ২৪ এপ্রিললৈ সংস্থাটোৱে চলোৱা এই সমীক্ষাত দেখা যায় যে এই ২৪ খন দেশৰ অধিকাংশ লোকে ভাৰতৰ প্ৰতি ইতিবাচক ধাৰণা প্রকাশ কৰে।
এই সমীক্ষাত অংশগ্রহণকাৰীসকলৰ ৪৭ শতাংশই ভাৰতৰ প্রতি ইতিবাচক মত পোষণ কৰাৰ বিপৰীতে ৩৮ শতাংশই নেতিবাচক স্থিতি ব্যক্ত কৰে। বাকী ১৩ শতাংশই কোনো মতামত নিদিলে। পিউ ৰিছাৰ্চ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৯ শতাংশ লোকেই ভাৰতৰ প্ৰতি ইতিবাচক মনোভাৱ পোষণ কৰে।
দেশখনৰ ৪৮ শতাংশ লোকে নেতিবাচক আৰু তিনি শতাংশ মানুহে কোনো মতামত ব্যক্ত নকৰিলে। একেদৰে কানাডাৰ ৪৭ শতাংশ লোকে ভাৰতৰ প্ৰতি ইতিবাচক ধাৰণা ব্যক্ত কৰে। ৩৯ শতাংশই নেতিবাচক মত পোষণ কৰাৰ বিপৰীতে বাকীসকলে কোনো মতামত নিদিলে।
উল্লেখ্য যে কিছুমাহ পূর্বে কানাডাৰ স’তে ভাৰতৰ কূটনৈতিক সম্পর্ক জটিল হৈছিল। তৎসত্ত্বেও দেশখনৰ অধিকাংশ লোকে ভাৰতৰ প্ৰতি ইতিবাচক মনোভাব পোষণ কৰি আহিছে। একেদৰে ব্রিটেইনৰ ৬০ শতাংশই ইতিবাচক আৰু ২৯ শতাংশই নেতিবাচক মনোভাব পোষণ কৰে।
কোনো মতামত দিয়াৰ পৰা আনসকল বিৰত থাকে। ভাৰতৰ প্ৰতি সর্বাধিক ইতিবাচক মনোভাব ব্যক্ত কৰা দেশসমূহৰ ভিতৰত অন্যতম হ’ল ইজৰাইল। উল্লেখ্য যে ভাৰত আৰু ইজৰাইলৰ সম্পৰ্ক দীর্ঘদিনীয়া। পিউ বিছাৰ্চৰ মতে, দেশখনৰ ৬০ শতাংশ মানুহে ইতিবাচক মনোভাৱ পোষণ কৰে।
২৭ শতাংশই নেতিবাচক আৰু ১৩ শতাংশই কোনো মতামত নিদিলে। পিউ বিছাৰ্চৰ সমীক্ষাত পোহৰলৈ আহিছে যে জার্মানী, ইটালী, ছুইডেন, ফ্রান্স, নেদাৰলেণ্ড, হাংগেৰী আৰু পোলেগুতো ভাৰতৰ প্ৰতি ইতিবাচক মনোভাৱ থকা লোকৰ সংখ্যাই অধিক। অৱশ্যে এই ক্ষেত্রত ব্যতিক্রম স্পেইন আৰু গ্রীচ।
সমীক্ষা অনুসৰি এই দুই দেশত ভাৰতৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী থকা লোকৰ সংখ্যা তুলনামূলকভাৱে অধিক। একেদৰে অস্ট্রেলিয়া আৰু পূব এছিয়াৰ দেশ দক্ষিণ কোৰিয়াতো ভাৰতৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী থকা লোকৰ সংখ্যা অধিক। উল্লেখ্য যে ক্রিকেটৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় লোক বৈষম্যৰ বলি হোৱাৰ অভিযোগো সময়ে সময়ে উত্থাপন হয়।
ইয়াৰ বিপৰীতে ইণ্ডোনেছিয়াত ভাৰত সম্পর্কে সম্ভাৰ পোষণ কৰা মানুহৰ সংখ্যা অধিক। একেদৰে আফ্রিকাৰ কেনিয়া আৰু নাইজেৰিয়াৰ অধিকাংশ লোকেই ভাৰত সম্পর্কে ভাল মনোভার ব্যক্ত কৰে। এই দুই দেশৰ মাজৰ কেনিয়াৰ ৬৫ আৰু নাইজেৰিয়াৰ ৫৭ শতাংশ লোকৰ ভাৰত সম্পর্কে ধাৰণা ভাল। একেদৰে দক্ষিণ আফ্রিকাৰো অধিকাংশ লোকে ভাৰত সম্পর্কে সম্ভার পোষণ কৰে। অৱশ্যে দেশখনৰ ৪৪ শতাংশ মানুহে ভাৰতক পছন্দ নকৰে।
আনহাতে, পশ্চিম এছিয়াৰ তুৰস্কৰ অধিকাংশ লোকে ভাৰত সম্পর্কে ভাল ভাব পোষণ নকৰে। আশ্চর্যজনক যে ভাৰতৰ স’তে সু-সম্পর্ক থকা সত্ত্বেও ব্রাজিলৰ অধিকাংশ মানুহে ভাৰত সম্পর্কে বিৰূপ ধাৰণা পোষণ কৰে। পিউ বিছাৰ্চৰ মতে, আর্জেন্টিনা আৰু মেক্সিকোৰ অধিকাংশ মানুহৰো ভাৰত সম্পর্কে ভাল ভাব নাই। তৎসত্ত্বেও বিশ্বৰ ২৪ খন দেশৰ সৰ্বাধিক তথা ৪৭ শতাংশ মানুহে ভাৰত সম্পর্কে সম্ভাব পোষণ কৰে।
এই দেশসমূহৰ ৩৮ শতাংশ মানুহৰহে ভাৰত সম্পর্কে ধাৰণা নেতিবাচক। অবশ্যে একাংশ বিশেষজ্ঞৰ মতে, শেহতীয়াভাৱে পৰিস্থিতি কিছু সলনি হ’ব পাৰে।






























