Chief Minister’s constituency:
ভুৱা চিকিৎসকৰ ঘাটি অসমত স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে সন্দেহজনক চিকিৎসকে বিনাবাধাই ৰমৰমীয়া বেহা চলাই যাবলৈ সক্ষম হোৱাটোৱে এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে। নিজকে এমবিবিএছ চিকিৎসক বুলি দাবী কৰি চেম্বাৰ খুলি অবৈধ বেহা চলাই অহা চৌধুৰী উপাধিৰ লোকজন এজন ভুবা চিকিৎসক বুলি অভিযোগ উত্থাপিত হৈ আহিছে। উল্লেখ্য যে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই চিকিৎসাৰ নামত অবৈধ বেহা চলাই অহা ভুৱা চিকিৎসকৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশত এক তদাৰকী দলে ৰাজ্যৰ বিভিন্ন প্রান্তত অভিযান অব্যাহত ৰাখিছে। ‘অসম কাউন্সিল অৱ মেডিকেল ৰেজিষ্ট্ৰেছন’ (এচিএমআৰ) নামৰ সংস্থাটোৰ অধীনত ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত গঠিত উক্ত তদাৰকী দলটোৱে যোৱা ডেৰ মাহত ১০ জন ভুৱা চিকিৎসকক চিনাক্ত কৰিছে। লগতে বিগত তিনি-চাৰি বছৰত সামগ্রিকভাৱে মুঠ ৫২জন ভুৱা চিকিৎসকক চিনাক্ত হৈছে; কিন্তু এই অভিযানৰ সমান্তৰালভাৱে এতিয়াও ৰাজ্যত সক্রিয় হৈ আছে বহু ভুৱা চিকিৎসক। স্বয়ং এচিএমআৰৰ তদন্তত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে গুৱাহাটী মহানগৰীকে ধৰি বিশেষকৈ পিছপৰা অঞ্চলসমূহত এতিয়াও একাংশই বহিঃৰাজ্য নাইবা বিদেশৰ পৰা কোনো ডিপ্ল’মা নাইবা ডিগ্ৰীৰ প্রমাণপত্র লৈ নিজকে চিকিৎসকৰূপে চিনাকি দি ৰোগীৰ জীৱনক লৈ হেতালি খেলি ৰমৰমীয়া অবৈধ বেহা চলাই আহিছে। এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰো চলি আছে। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে এনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা জানুৱাৰীত উল্লিখিত তদাৰকী গোট গঠন কৰি দিছিল। এই গোটে ধাৰাৱাহিক অভিযান অব্যাহত ৰাখিছে আৰু পহিলা জুলাইৰ পৰা আজি পর্যন্ত ১০জন ভুৱা চিকিৎসকক চিনাক্ত কৰি আৰক্ষীক গতাই দিছে। এই ভুৱা চিকিৎসকসকলৰ ভিতৰত আছে ক্রমে-অর্জুন ভট্টাচার্য (বিশ্বনাথৰ এখন বাগিচাত চিকিৎসকৰূপে নিয়োজিত আছিল), আক্ৰামূল হক (নগাঁৱত চেম্বাৰ খুলি অবৈধ বেহা চলাইছিল), পুলক মালাকাৰ (শিলচৰত চেম্বাৰ খুলি বেহা চলাইছিল), প্রশান্ত শৰ্মা আৰু এম কে দাস (ঢেকিয়াজুলিৰ এখন বাগিচাত চিকিৎসকৰূপে নিয়োজিত আছিল), অমৰজ্যোতি নাথ (যোৰহাট), বিমল সূত্ৰধৰ (নগাঁও), আব্দুল রাহিদ (ডবকা) আদি।
ইফালে, এই অভিযানৰ মাজতে কামৰূপৰ দদৰাত চৌধুৰী উপাধিৰ এজন লোকে কেতিয়াবা আয়ুষ, কেতিয়াবা এমবিবিএছ বুলি নিজকে চিনাকি দি চেম্বাৰ খুলি দৈনিক প্রায় তিনিশ ৰোগীক চিকিৎসাৰ নামত লুণ্ঠন চলাই আহিছে। এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে জিলা স্বাস্থ্য বিভাগত সচেতন ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিছিল যদিও আজিকোপতি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা নহ’ল। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, এই ভুৱা চিকিৎসকজনে নিজকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ পৰিয়ালৰ সদস্য বুলি চিনাকি দিয়ে। ফলত তেওঁ এইদৰে ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে বুলিও অভিযোগ আছে। উল্লেখ্য যে এই ভুৱা চিকিৎসকজনে স্বাস্থ্য বিভাগৰ একাংশ শীর্ষ বিষয়া-কর্মচাৰী, জিলাৰ সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰে গোপন বুজাবুজিৰে এনেদৰে ৰমৰমীয়া অবৈধ বেহা চলাই গৈছে। আনকি বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত স্বাস্থ্য বিভাগৰ বিশেষ প্ৰমাণপত্ৰও জালিয়াতিৰে উক্ত ভুৱা চিকিৎসকজনে আদায় কৰিবলৈ সক্ষম হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতে আন জিলাৰ পৰা দদৰালৈ আহিবলৈ সক্ষম হ’ল বুলিও বিভিন্নজনৰ আগত নিজেই সদৰী কৰিছে।






























