Dhubri:
ধুবুৰী জিলাৰ ভাৰত- বাংলাদেশ সীমান্তত আজৱ ঘটনা । জামায়াতে ইছলামী বাংলাদেশৰ নামলৈ বহু লোকক ফোন যোগে ভাবুকি প্ৰদানৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে জিলা খনৰ গোলকগঞ্জ থানা অঞ্চলৰ লক্ষীমাৰী বিসখোৱা গাঁৱৰ অমূল্য কুমাৰ ৰায় আৰু সুধিৰ চন্দ্ৰ সৰকাৰ নামৰ দুই ব্যক্তিৰ ম’বাইলত ভইচ মেছেজ যোগে বাংলাদেশৰ পৰা ভাবুকি অহাৰ বাতৰি পোৱা গৈছে।
উক্ত ভইচ মেছেজত জামায়াতে ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই দিলে পৰিনতি ভয়াৱহ হব বুলি হুংকাৰ দিয়া দেখা গৈছে। আনহতে জামায়াত ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ললে সীমান্তৱৰ্তী গাঁও সমুহৰ ঘৰ- বাৰি জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে উক্ত ভইচ মেছেজ বাংলাদেশৰ+৮৮০ ১৭১৯০৭১৯২৭ নম্বৰৰ পৰা অহা বুলি জানিব পৰা গৈছে। ইতিমধ্যে উক্ত বিষয়ত অমূল্য কুমাৰ ৰায়ে গোলকগঞ্জ আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীক অৱগত কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ প্ৰাক মুৰ্হুতত উক্ত অঞ্চলৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশী পতাকাৰ লগতে ২৫ টাকৈ বাংলাদেশী চিম কাৰ্ড সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।






























