Fake Gold Seized:লখিমপুৰত পুনৰ নকল সোণ সহ গ্ৰেপ্তাৰ এজন

fake gold

Fake Gold Seized:

লখিমপুৰত পুনৰ নকল সোণ সহ গ্ৰেপ্তাৰ এজন। সোনাপুৰ-আদি এলেঙী সত্ৰ সংযোগী পথৰ পৰা গ্ৰেপ্তাৰ নকল সোন বেপাৰী হাইদৰ আলিক। AR 01 U 4072 নম্বৰৰ এখন বিলাসী বাহনৰ তলত গোপন কক্ষ সাজি কঢ়িয়াই নিছিল প্ৰায় এক কিল’গ্ৰাম ওজনৰ নকল সোনৰ টুকুৰাটো ৷

গোপন সূত্ৰৰ পম খেদি বঙালমৰা আৰক্ষীয়ে অভিযান চলাই কৌশলেৰে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক ৷ উল্লেখযোগ্য যে লখিমপুৰৰ বঙালমৰাক কেন্দ্ৰ কৰি গঢ়ি উঠা নকল সোন আৰু জালনোটৰ বেহাৰ লগত জড়িত একাংশ প্ৰৱঞ্চকে দীৰ্ঘদিনৰ পৰাই ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো একাংশ লোকক প্ৰবঞ্চনা কৰি আহিছে ৷

Exit mobile version