GMCH Incident:
চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে যিমানেই উন্নত বুলি দাবী নকৰক কিয়, পৰহি এটি দেৱশিশুৱে যি ভয়ংকৰ পৰিস্থিতিত প্রাণ হেৰুৱালে, সেই ঘটনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)ৰ অৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। সাধাৰণ ৰাইজৰ বাবে জিএমচি এইছত চিকিৎসা সদায় এক প্রত্যাহান হৈ আহিছে।
একাংশ চিকিৎসকৰ দুৰ্য্যৱহাৰ, স্বাস্থ্যকর্মীৰ অসহযোগিতা, অন্যান্য একাংশ কৰ্মচাৰীৰে ৰোগী তথথ অভিভাৱকৰ প্ৰতি নেতিবাচক অচৰণৰ অভিযোগ সদায় উত্থাপিত হৈ আহিছে। দালাল, কমিছনভোগীৰ দৌৰাত্ম্যও জিএমচিএইছৰ চিকিৎসা ব্যবস্থাৰ এক অংশ হিচাপে দীর্ঘদিনৰ পৰা চলি আহিছে। ফলস্বৰূপে নণ্ডৰ-নাকতি হৈ আহিছে উন্নত চিকিৎসাৰ প্রত্যাশাবে ঢপলিয়াই অহা হেজাৰ হেজাৰ সাধাৰণ ৰোগীৰ। এনে অভিযোগবোৰক জিএমচিএইছ কর্তৃপক্ষই সততে নাকচ কৰি আহিছে অথবা গুৰুত্বহীন কৰি ৰাখি ৰাখিছে। নৱজাতকৰ আইচিইউত চূড়ান্ত অৱহেলাৰ পৰিণতিত মহানগৰীৰ নুনমাটিৰ এহাল দম্পতীৰ দীর্ঘ প্রতীক্ষাৰ অন্তত জন্ম লোৱা কন্যা সন্তানটি যিদৰে সোমবাৰে মৃত্যুৰ কোলাত ঢলি পৰিল, তাৰ পাছতহে চলি অহা অনিয়মবোৰৰ বিৰুদ্ধে আৰম্ভ হৈছে এটা ক্ষীণ অভিযান।
পৰিস্থিতিৰ বুজ ল’বলৈ গৈ সোমবাৰে নিশা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা জিএমচিএইছত উপস্থিত হোৱাৰ সময়ত হাৰাশাস্তিৰ সম্মুখীন হোৱা একাংশ সাধাৰণ লোকে তেওঁক নানান অভিযোগ দিয়ে। তাৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৱা নিশাৰ পৰা আৰক্ষীয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উৎকোচ অবিহনে কাম কৰিব নিবিচৰা ‘টুলী পুলাৰ’ৰ বিৰুদ্ধে অভিযান চলায়। এই সন্দর্ভত কালি ভঙাগড় আৰক্ষী থানাত ১৪০/২০২৫ নম্বৰত এটা গোচৰো ৰুজু কৰা হয়। সেই গোচৰটোৰ ভিত্তিতে চলোৱা অভিযানত তিনি মহিলাসহ ১১ জন টুলী পুলাৰক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী পূব আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয় যে ৰোগীৰ লগত থকা ব্যক্তিৰ পৰা ধন দাবী কৰাৰ অভিযোগত এইসকলক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী বিষয়াজনে কয়, ‘এইসকল জিএমচিএইছৰ ঠিকাভিত্তিক কৰ্মচাৰী। আটাইকেইজন এজেন্সীৰ দ্বাৰা নিয়োগ কৰা টুলী পুলাৰ।’ এই গোচৰটোৰ অধীনত আৰু অধিক লোক গ্ৰেপ্তাৰৰ সম্ভাৱনাও আৰক্ষী বিষয়াজনে ব্যক্ত কৰে।
আৰক্ষী বিষয়া গৰাকীৰ এই মন্তব্যৰ পাছতে সন্ধিয়া জিএমচিএইছৰ নৱজাতক মৃত্যুৰ গোচৰত ভঙাগড় আৰক্ষীয়ে আটক কৰে নাৰ্ছ ভানুপ্রিয়া মিছঙক ৷ নিশাটো নাৰ্ছ গৰাকীক ৰখা হয় পানবজাৰৰ মহিলা থানাত ৷ ইতিমধ্যে নাৰ্ছগৰাকীক নিলম্বন কৰা হৈছে। আনহাতে নাৰ্ছ গৰাকীক আটক কৰাৰ পিচতে বহু সংখ্যক নাৰ্ছ ভঙাগড় থানাত উপস্থিত হয় ।তেওঁলোকৰ মন্তব্য ঘটনাৰ দিনা দায়িত্বত আছিল ভানুপ্রিয়া সহ আন ৫ গৰাকী নাৰ্ছ আৰু চিকিৎসক ৷তেওঁলোককো আটক কিয় কৰা নাই ৷
ইপিনে,গুৱাহাটী উপ-আৰক্ষী আয়ুক্ত গৰাকীয়ে আৰু কয় যে চলিত বৰ্ষত এই ধৰণৰ অভিযোগৰ মুঠ ছটা গোচৰ ৰুজু হয় আৰু কে’বাজনকো তেনে গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী বিষয়াজনৰ এই বক্তব্যই স্পষ্ট কৰিছে যে গোচৰ ৰুজু কৰি আৰু মানুহ গ্ৰেপ্তাৰ কৰিও জিএমচিএইছত চলা অনিয়ম বন্ধ কৰাত কর্তৃপক্ষ বিফল হৈছে। গ্ৰেপ্তাৰ কৰা সকল হ’ল- প্রতিমা সৰকাৰ, অলকা চৌধুৰী, শুক্লা বৈৰাগী, প্রবীণ ডেকা, লংকেশ্বৰ ৰাজবংশী, আজিজুৰ ৰহমান, গোলক তালুকদাৰ, চিন্ময় ডেকা, অসীম ডেকা, নন্দু দাস আৰু নয়নমণি। এনে গ্রেপ্তাৰক জিএমচিএইছলৈ চিকিৎসাৰ বাবে অহা ভুক্তভোগীয়ে আদৰণি জনাইছে। একে সময়তে আনুষংগিক বিষয়ত অধিক গুৰুত্বৰে শিশুৰ মৃত্যু হোৱা ঘটনাটোক অন্য দিশলৈ ঠেলি দিয়াৰ কৌশলো অৱলম্বন কৰা হৈছে নেকি বুলি চর্চা চলিছে।
ইপিনে, মঙলবাৰে জিএমচিএইছ চৌহদত প্রসূতি আৰু স্ত্রীৰোগ বিভাগত পত্নীৰ চিকিৎসাৰ বাবে মঙলদৈৰ পৰা অহা জমছেৰ আলীয়ে কয় যে তেওঁৰ সন্তানটি জন্মৰ নামত কালি একাংশ নাৰ্ছ আৰু চাফাই কৰ্মীয়ে ধন দাবী কৰাৰ বাবে ১৫শ টকা খৰচ হয়। সন্তান জন্মৰ আনন্দত তেওঁ সামর্থ অনুসৰি যি ধন নাৰ্ছ-চাফাই কর্মীসকলক দিছিল সেয়া তেওঁলোকে গ্রহণ নকৰিলে। দাবী কৰি যি পৰিমাণৰ ধন আদায় কৰে, তাৰ ফলত মঙলদৈৰ পৰা আহি বিনামূলীয়াকৈ সন্তান জন্ম হোৱা প্রক্রিয়াটো সম্পন্ন হয় যদিও দাবী কৰা ধন আদায় দিওঁতে তাতকৈ অধিক ব্যয় হয়। গতিকে মঙলদৈৰ পৰা গুৱাহাটীলৈ অহাৰ তেওঁৰ উদ্দেশ্যই ব্যর্থ হয়। নাম প্রকাশত অনিচ্ছুক শল্য চিকিৎসা বিভাগত ভর্তি হৈ থকা এগৰাকী মহিলা ৰোগীৰ অভিভাৱকে অভিযোগ কৰে যে চাফাই কর্মীয়ে টকা নিদিলে বাথৰূম পৰিষ্কাৰ নকৰে। পৰিষ্কাৰ কৰিব লাগিলে ‘কিবা এটা লাগিব’ বুলি সংকোচবিহীনভাৱে ধন দাবী কৰে বুলি লোকজনে কয়।
ইপিনে, নৱজাতকৰ আইচিইউত সংঘটিত ভয়াৱহ ঘটনাটোৰ তদন্ত কৰিবলৈ গৈ আৰক্ষী বাৰে বাৰে উজুটি খাইছে। আৰক্ষীয়ে দুটা চিচি টিভিৰ ৰেকৰ্ড পৰীক্ষাৰ বাবে গ্রহণ কৰে যদিও তাৰে এটা সম্পূর্ণ বিকল হৈ আছে। আনটোৰ কেমেৰাত ধৰা পৰা দৃশ্যবোৰ অতি অস্পষ্ট। এই পৰিস্থিতিত প্রশ্ন উঠিছে যে শিশু মৃত্যুৰ অক্ষমনীয় গাফিলিতৰ তদন্তত ৰৌ বৰালি সাৰি যাব নেকি? পুথি খলিহনাৰ মৰণতে অন্ত পৰিব নেকি তদন্ত?
# স্বৰূপ উদঙালে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ
জিএমচিএইছত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাটোৱে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ উদঙাইছে বুলি মন্তব্য কৰে ডিৱাইএফআইৰ অসম ৰাজ্যিক সমিতিয়ে। এক বিবৃতিত সংগঠনটোৰ ৰাজ্যিক সভাপতি কস্তম আলী আৰু সম্পাদক ৰিতুৰঞ্জন দাসে কয়, ‘জিএমচিএইছৰ প্ৰসূতি বিভাগৰ পৰিচালনা আৰু বিষয়া-কৰ্মচাৰীৰ ব্যৱহাৰৰ সন্দৰ্ভত দীর্ঘদিনৰ পৰা নানা অভিযোগ উঠি আহিছিল। দূৰ-দূৰণিৰ পৰা অহা প্রসূতি আৰু তেওঁলোকৰ আত্মীয়ই ৰূঢ় ব্যৱহাৰৰ মুখামুখি হয়। প্রসূতি আৰু সদ্যোজাতৰ আদৰ-যতন কৰাৰ ক্ষেত্ৰতো অৱহেলাৰ মুখামুখি হয় বুলি অভিযোগ আছে। ৰাজ্যৰ মূল চিকিৎসালয়খনকে সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰা স্বাস্থ্যমন্ত্রী অশোক সিংহলে ইয়াৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা উচিত। দীর্ঘদিনৰ স্বাস্থ্যমন্ত্রী আৰু আজিৰ মুখ্যমন্ত্রীজনে ৰাজ্যবাসীক ক্ষমা খুজি সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰা উচিত। আনহাতে, চিকিৎসালয়ৰ ভুলৰ বাবে সন্তানহাৰা হ’বলগীয়া হোৱা দুৰ্ভগীয়া পৰিয়ালটোক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছো।’ সংঘটিত ঘটনাটোৰ পৰা শিক্ষা লৈ শীঘ্রে চিকিৎসালয়সমূহৰ ব্যৱস্থাপনা উন্নত কৰিবলৈয়ো ডিৱাইএফআইয়ে দাবী জনাইছে।
