Hojai : হোজাইত পৌৰসভাৰ উচ্ছেদ অভিযানক লৈ উত্তপ্ত পৰিস্থিতি,আৰক্ষীৰ লাঠিচাৰ্জ

eviction hojai

Hojai :

হোজাইৰ আদৰ্শ বজাৰৰ ভূমিত বুধবাৰে বেদখলকাৰীৰ বিৰুদ্ধে পৌৰসভাই অব্যাহত ৰখা উচ্ছেদ অভিযানৰ মাজতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷ যাৰবাবে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া হয় মৃদু লাঠিচাৰ্জ ৷

উল্লেখ্য যে পৌৰসভাৰ ভূমি দখল কৰি থকা ৭/৮ পৰিয়ালক ৪৮ ঘন্টাৰ সময় বান্ধি দিছিল হোজাই পৌৰসভায়ে। জাননী পোৱাৰ পাছতো বেদখলকাৰীয়ে ভূমিমুক্ত কৰি নিদিয়াত পৌৰসভাই প্ৰশাসনৰ সহযোগত আজি আৰম্ভ কৰিছিল উচ্ছেদ।

এই উচ্ছেদ চলি থকাৰ মাজতে কেইটামান পৰিয়ালৰ বাসগৃহৰ বেদখলকাৰী আৰু এজন অধিবক্তাই হাতত ভূমিৰ পট্টা লৈ উচ্ছেদক বাধা আৰোপ কৰে ৷ আনকি আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে বেদখলকাৰীয়ে ৷ শিলগুটি নিক্ষেপত আহত হয় এজন আৰক্ষী জোৱান ৷ ইয়াৰ পিছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচাৰ্জ কৰে ৷

Exit mobile version