Morigaon Dist. Jail:
মৰিগাঁৱৰ জিলা কাৰাগাৰত অঘটন ৷ পুনৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে দুই কয়দীয়ে ৷ মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ পলাতক কয়দী দুজনৰ নাম সুব্রত সৰকাৰ আৰু জেহেৰুল ইছলাম I
উল্লেখ্য যে, মৰিগাঁও জিলা কাৰাগাৰৰ দহ মাহ পূৰ্বে একেলগে পলায়ন কৰিছিল দুই কয়দীয়ে ৷ এবাৰ নহয় দুবাৰকৈ কাৰাগাৰৰ পৰা কাৰাৰুদ্ধ বন্দী পলায়ন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দায়িত্বপ্ৰাপ্ত বিষয়া- কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে এনে ঘটনা সঘনাই সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰিছে সচেতন মহলে ৷
