বোমা বিস্ফোৰণত উৰুৱাই দিয়া হ’ব জম্মু ষ্টেচন ! পাৰৰ ভৰিত বান্ধি ভাবুকি 

pegion

Jammu and Kashmir:✒️পাৰৰ ভৰিত বান্ধি ভাবুকিৰ বাৰ্তা। য’ত লিখা আছে উৰুৱাই দিয়া হ’ব জম্মু ষ্টেচন !ভাবুকি বাৰ্তা লিখা এখন টোকা উদ্ধাৰ কৰিছে বি এছ এফে। জম্মুৰ আৰ এছ পুৰাৰ সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ হৈছে এই নোটখন।

সূত্ৰই জনোৱা মতে, উৰ্দু আৰু ইংৰাজী ভাষাৰ ভাবুকি পত্ৰখনত কোৱা হৈছে যে জম্মু ষ্টেচন আই ই ডি বিস্ফোৰণত উৰুৱাই দিয়া হ’ব। লগতে কোৱা হৈছে যে কাশ্মীৰ মুক্ত হোৱাৰ সময় আহি পৰিছে। ভাবুকি পত্ৰ লাভ কৰাৰ পাছতে নিৰাপত্তা অধিক শক্তিশালী কৰা হয়। ১৮ আগষ্টত সংঘটিত হৈছিল এই ঘটনা।

নিশা ন মান বজাত নিৰাপত্তাৰক্ষীয়ে পাৰটো প্ৰত্যক্ষ কৰে। তেওঁলোকে কাষ চাপি অহাৰ লগে লগে ভাবুকি পত্ৰখন উদ্ধাৰ কৰে।

ষড়যন্ত্ৰ হয় নে নহয় তাৰ তদন্ত চলি আছে। জম্মু ষ্টেচনৰ গাতে লাগি থকা অঞ্চলটোত কটকটীয়া কৰা হৈছে নিৰাপত্তা। ডগ স্কোয়াড আৰু বোমা স্কোয়াড নিয়োগ কৰা হৈছে।

জম্মু আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে। নিৰাপত্তা বিশেষজ্ঞৰ মতে, পাৰটো বিশেষভাৱে প্ৰশিক্ষণ দি সীমান্তৰ সিপাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।

Exit mobile version