১৭ বছৰীয়া কিশোৰীৰে ৰাষ্ট্ৰপতি পুটিনৰ আছিল প্ৰেমৰ সম্পৰ্ক : গ্ৰন্থত চাঞ্চল্যকৰ তথ্য

IMG 20250821 131109

Vladimir Putin :✒️ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিলে এখন সদ্যপ্রকাশিত গ্রন্থই। ব্রিটিছ সংবাদপত্র ‘দ্য ছান’ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ‘দ্য জাৰ ইন পাৰ্ছন: হাউ প্লাডিমীৰ পুটিন ফুলড আছ অল’ শীর্ষক এখন গ্রন্থত পুটিনে ২০১১ বৰ্ষত এগৰাকী ১৭ বছৰীয়া কিশোৰীৰে অবৈধ সম্পর্ক ৰক্ষা কৰিছিল।

দুই সাংবাদিক ৰ’মন বাদানিন আৰু মিখাইল কবিনে লিখা এইখন গ্রন্থত লেখকে দাবী কৰা অনুসৰি, পুটিনে এলিছা খাৰছেবা নামৰ ১৭বছৰীয়া কিশোৰীৰে ২০১১ত প্রেমজনিত সম্পর্কত লিপ্ত হৈছিল।

এলিছাই সেই সময়ত মডেলিং কৰিছিল আৰু তেওঁৰ পৰিচয় পুটিনৰ স’তে হৈছিল। পৰৱৰ্তী সময়ত এলিছাৰ স’তে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰিছিল পুটিনে। প্রায় এবছৰলৈকে পুটিনে এলিছাৰ স’তে অবৈধ সম্পর্ক ৰক্ষা কৰিছিল বুলিও সাংবাদিকদ্বয়ে উক্ত গ্রন্থত দাবী কৰিছে।

সেই সময়ত লিউডমিলাৰ স’তে পুটিনে বৈবাহিক জীবন যাপন কৰাৰ লগতে কছ জিমনাষ্ট খেলুরৈ অলিনা কবায়েভাৰ স’তে গুপ্ত সম্পর্ক ৰক্ষা কৰিছিল বুলিও গ্রন্থখনত উল্লেখ কৰা হৈছে। ৩২ বছৰীয়া এলিছা বর্তমানে বিবাহিত আৰু তেওঁ মস্কোৰ এটা বিলাসী এপার্টমেন্টত বসবাস কৰে।

পুটিনৰ স’তে সম্পৰ্কৰ প্ৰসংগত এলিছাই সাংবাদিকক কোনো প্রতিক্রিয়া ব্যস্ত কৰিবলৈ অস্বীকাৰ কৰিলে।

Exit mobile version