অস্ট্রেলিয়াত আগন্তুক চাৰিমাহত বলবৎ হ’ব লগা এক আইনৰ অধীনত ১৬ অনুর্ধ্ব বয়সৰ লোকৰ বাবে ফে’চবুক, স্নেপচেট, টিক্টক, ইনস্টাগ্রাম, ৰেডিট, এক্স, ইউটিউবসহ সকলো সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ হ’ব।
ADVERTISEMENT
কে’বামাহ পূর্বে অস্ট্রেলিয়া চৰকাৰে কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল। অষ্ট্ৰেলিয়া চৰকাৰে সামাজিক মাধ্যম কোম্পানীসমূহক অহা ১০ ডিচেম্বৰৰ ভিতৰত নাবালকৰ সামাজিক মাধ্যমৰ একাউণ্ট আঁতৰ কৰিবলৈ সময়সীমা বান্ধি দিলে।
সামাজিক মাধ্যম আসক্তিৰ পৰা শিশু আৰু কিশোৰ-কিশোৰীক আঁতৰাই ৰাখিবলৈ অষ্ট্ৰেলিয়া চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিলে।






























