ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)য়ে ইনষ্টাগ্ৰামত ১০ কোটি (100 মিলিয়ন) followers অতিক্ৰম কৰি বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ নেতাৰূপে নতুন ইতিহাস ৰচনা কৰিছে।
ইনষ্টাগ্ৰামত ( Instagram)তেওঁৰ অফিচিয়েল একাউণ্টে এই মাইলষ্টোনত উপনীত হোৱা হৈছে, যাৰ জৰিয়তে প্ৰধানমন্তীয়ে দেশৰ নাগৰিক, চৰকাৰী আঁচনি, আন্তর্জাতিক যোগাযোগ আৰু বিভিন্ন জনপ্ৰিয় বিষয়ক বিষয়ে নিয়মিতভাৱে যোগাযোগ স্থাপন কৰি আহিছে।
ইনষ্টাগ্ৰামৰ (Instagram) এই ১০ কোটি অনুসৰণকাৰীৰ (followers) সংখ্যা বিশ্বব্যাপী সকলো ৰাজনৈতিক নেতা তথা জনপ্ৰিয় ব্যক্তিৰ মাজতো অন্যতম সৰ্বোচ্চ। সামাজিক মাধ্যম বিশ্লেষকসকলে এই সফলতা। নৰেন্দ্ৰ মোদীৰ (PM Modi) ডিজিটেল উপস্থিতি আৰু জনসত্বাৰ স’তে তেওঁৰ সুদৃঢ় সংযোগক প্ৰতিফলিত কৰে বুলি মন্তব্য কৰিছে।
প্ৰধানমন্তীয়ে নিজে সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ বিভিন্ন উদ্যোগ, বিকাশমূলক পৰিকল্পনা আৰু অভিযানৰ বিষয়ে আনুষ্ঠানিক তথ্য দৰ্শকৰ স’তে শ্বেয়াৰ কৰি আহিছে।
এই মাইলষ্টোনই ভাৰতৰ ডিজিটেল উপস্থিতিক লগতে সৰ্বজনীন দৃষ্টি আকর্ষণ কৰিছে।
ইনষ্টাগ্ৰাম(Instagram)সহ অন্যান্য সামাজিক মাধ্যমত PM Modiৰ উপস্থিতি দিনক দিনে বৃদ্ধি পাইছে। এই সাফল্যই তেওঁৰ ডিজিটেল জনসংযোগ কৌশলৰ শক্তিশালী ভূমিকা প্ৰমাণ কৰিছে।






























