Assam Cabinet Meeting:
মহানগৰীৰ ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীোড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে ৷ এতিয়াৰ পৰা অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকে ছেপ্তেম্বৰৰ পাছত লাভ নকৰিব আধাৰ কাৰ্ড ৷ অৱশ্যে কেৱল এছচি, এছটি চাহ শ্রমিকসকলক অনাগত এবছৰৰ বাবে দিয়া হ’ব আধাৰ কাৰ্ড ৷
আনহাতে যিসকলৰ আধাৰ কাৰ্ড নাই ৷তেওঁলোকে ছেপ্টেম্বৰ মাহতে আবেদন কৰিব লাগিব ৷ ইয়াৰ পাছতো যদি কোনো থাকি যায় সেই সকলে সংশ্লিষ্ট জিলা আয়ুক্তক অৱগত কৰিব ৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,অবৈধ বাংলাদেশীয়ে আধাৰ লৈ যাতে ভাৰতীয় হ’ব নোৱাৰে তাৰ বাবে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় কেবিনেটে ৷
গোলাঘাট জিলাৰ বৰপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটত ইতিমধ্যে সম্পন্ন হোৱা উচ্ছেদিত ভূমিত ৰোপণ কৰা হ’ব ১২ হাজাৰ গছপুলি ৷ আনহাতে ৰাজ্য আন আন উচ্ছেদিত ভূমিত অনুৰূপ ধৰণেই ব্যাপক বৃক্ষৰোপণ কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷
