GMCH Incident:
জিএমচিএইছৰ কৰ্তৃপক্ষ আৰু চিকিৎসক – নাৰ্ছৰ চৰম হেমাহিৰ বাবে কৰুণ মৃত্যুক সাৱটি লোৱা নৱজাতকৰ মৃত্যুৰ প্ৰসংগই ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া পাছতে কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ঘটনাৰ দিনা সন্ধিয়া মুখ্যমন্ত্ৰী উপস্থিত হৈছিল জিএমচিএইছত ৷ এই ঘটনাৰ বাবে ক্ষমা খুজিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুস্থিত হ’বলগীয়া কেবিনেটত জিএমচিএইছত নৱজাতকৰ মৃত্যুৰ প্ৰসংগই গুৰুত্ব লাভৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে নৱজাতকৰ মৃত্যুৰ ঘটনাৱলীক লৈ গঠন কৰি দিয়া তিনিজনীয়া কমিটীয়ে আজি মুখ্যমন্ত্ৰীক দাখিল কৰিব তদন্তৰ প্ৰতিবেদন৷ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা ৷
ইপিনে, ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে কৰ্তব্যত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা নাৰ্ছ ভানুপ্ৰিয়া মিছঙক ৷ বৃহস্পতিবাৰে পুৱাই বায়’মেট্ৰিকৰ বাবে দিছপুৰ থানালৈ অনা হ’ল ভানুপ্ৰিয়াক আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াই ভানুপ্ৰিয়াক কৰিব সোধা-পোছা ৷
ইফালে ভানুপ্ৰিয়াৰ গ্ৰেপ্তাৰক লৈ ক্ষুদ্ধ হৈ পৰিছে সতীৰ্থ নাৰ্ছ সকল ৷ তেওঁলোকৰ দাবী কিয় আন কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসকক গ্ৰেপ্তাৰ হোৱা নাই ৷ নে ভানুপ্ৰিয়াক আটক কৰিয়ে সমস্ত বিষয়টো সমাপ্ত কৰিব বিচাৰিছে ৷






























