Heroin Seize In Haiborgaon: নগাঁৱৰ মাজৰআটিত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ

drugs 3

Heroin Seize In Haiborgaon:

নগাঁও চহৰৰ হয়বৰগাঁৱৰ সমীপৱৰ্তী মাজৰআটিত উদ্ধাৰ বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন ৷ আৰক্ষীৰ টহলকাৰী দলে মাজৰআটিৰ পথেৰে গৈ থকা এখন মটৰ চাইকেলৰ আৰোহীক ৰখিবলৈ কয় যদিও আৰোহী জনে পথতে মটৰ চাইকেল এৰি পলায়ন কৰে ৷ পিছত আৰক্ষীয়ে এএছ২১-এন-২৬৫৮ নম্বৰৰ মটৰ চাইকেল খনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা ১৫টা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বাকচ কেইটাত আছিল হেৰ’ইন৷ জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷আনহাতে পলাতক ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মৰিগাঁৱৰ বৰবৰীৰ আনাৰুল ইছলাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ হয়বৰগাঁও আৰক্ষীয়ে ড্ৰাগছ পেডলাৰটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version