Delhi:✒️চৰ কাণ্ডৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বৈঠকত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা আন এজন ব্যক্তিৰ। আৰক্ষীয়ে ধৃত ব্যক্তিজনক ততাতৈয়াকৈ আটক কৰে।
উল্লেখ্য যে,ধৃত ব্যক্তিজনে নিজকে বিজেপি কৰ্মী বুলি দাবী কৰে। তেওঁৰ উদ্দেশ্য আছিল শাসকীয় দলৰ এজন বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা।
শুকুৰবাৰে দিল্লীৰ সহদৰা অঞ্চলত বস্ত্ৰ ব্যৱসায়ীসকলে আয়োজন কৰা এখন বৈঠকত ৰেখাই ভাষণ দি আছিল। তাতে প্ৰবীণ শৰ্মা (৬০) নামৰ এজন লোকে নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙিবলৈ চেষ্টা কৰে।
নিজকে তেওঁ চাৰি দশকৰ বিজেপি কৰ্মী বুলিও দাবী কৰিছিল। ধৃত ব্যক্তিজনৰ মতে, তেওঁ ৰেখাৰ বিৰুদ্ধে নহয়, গান্ধীনগৰৰ বিজেপিৰ বিধায়ক অৰবিন্দ সিং লাভলীৰ বিৰুদ্ধে শ্লোগান দিছে। যাতে মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁৰ অভিযোগ উত্থাপন হয় তাৰ বাবেই তেওঁ এই পন্থা হাতত লয়।
ইফালে, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাই বুলি দাবী কৰিছে আৰক্ষীয়ে। অৱশ্যে এনে ঘটনাত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে এই চৰ কাণ্ডৰ পাছতে পদ হেৰুৱালে দিল্লীৰ আৰক্ষী আয়ুক্ত এছ বি কে সিঙে।
