পাৰা ভিত্তিক চিকিৎসা সঁজুলি ব্যৱহাৰ বন্ধৰ আহ্বানেৰে কনজিউমাৰছ লিগেল প্ৰটেকচন ফ’ৰামৰ উদ্যোগত কৰ্মশালা

IMG 20250822 WA0063

থাৰ্মোমিটাৰ আৰু স্ফিগমোমেনোমিটাৰৰ দৰে পাৰাযুক্ত সামগ্ৰীৰ ব্যৱহাৰ সমগ্ৰ দেশতে সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান জনাইছে চিকিৎসা বিশেষজ্ঞ,পৰিবেশবিদ আৰু নাগৰিক সমাজে।

নতুন দিল্লীৰ কনজিউমাৰ ভইচ আৰু কনজিউমাৰছ লিগেল প্ৰটেকচন ফ’ৰাম, অসমৰ উদ্যোগত আৰু নেৰিম গ্ৰুপ অফ ইনষ্টিটিউটৰ সহযোগত শুকুৰবাৰে গুৱাহাটীৰ নেৰিম প্ৰেক্ষাগৃহত আয়োজিত এক কৰ্মশালাত বিশেষকৈ শিশু আৰু মহিলাৰ স্বাস্থ্যৰ ওপৰত পাৰাৰ সংস্পৰ্শৰ ফলত হব পৰা ক্ষতিৰ ওপৰত বিশেষজ্ঞ সকলে মত আগবঢ়ায়।

কৰ্মশালাখন উদ্বোধন কৰি জৈৱ-চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত আলোকপাত কৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সচিব ড০ গৌতম কৃষ্ণ মিশ্ৰই কয় ,“ভাৰতৰ সকলো স্বাস্থ্যসেৱা খণ্ডই পাৰা নিৰ্গমন ব্যৱস্থাপনাৰ কঠোৰ প্ৰট’কল পালন কৰাটো অতি প্ৰয়োজনীয়। স্বাস্থ্যসেৱা খণ্ড সুৰক্ষিত আৰু পাৰামুক্ত বিকল্প ব্যবস্থালৈ স্থানান্তৰিত হোৱাটো অতি জৰুৰী। এই কাৰ্য্য দায়িত্বশীলভাৱে পালন কৰিলে ভৱিষ্যত প্ৰজন্মক অপ্ৰত্যাৱৰ্তনীয় ক্ষতিৰ পৰা ৰক্ষা কৰিব পৰা যাব।”

নিজৰ ভাষণত নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণত্ৰেয়ে পাৰাৰ বিষক্ৰিয়া, মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ তথা পাৰাৰ সামগ্ৰী পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পাৰাৰ পৰা হব পৰা সম্ভাৱ্য বিপদ কম কৰিবলৈ ভঙা পাৰাৰ সামগ্ৰীসমূহ অতি সাৱধানে চম্ভালি পেলাই দিবলৈও তেওঁ আহ্বান জনায়। ২০১১ চনৰ এক অধ্যয়নত কোৱা হৈছে যে ভাৰতত ৰক্তচাপ জোখা যন্ত্ৰৰ পৰা বছৰি আঠ টন পাৰা মুক্ত কৰা হৈছে।

কৰ্মশালাত উপস্থিতি থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ফৰেনছিক মেডিচিন বিভাগৰ সহযোগী অধ্যাপক আৰু নেশ্যনেল মেডিক’ছ অৰ্গেনাইজেচনৰ সম্পাদক ডাঃ মৃণাল হালৈয়ে কয়,গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা পাৰাৰ সংস্পৰ্শলৈ আহিলে পৰৱৰ্তী প্ৰজন্ম ক্ষতিৰ সন্মূখীন হ’ব পাৰে। পাৰা যুক্ত চিকিৎসা সঁজুলি নাইকিয়া কৰি ডিজিটেল আৰু এনৰ’ইড সঁজুলিলৈ ইয়াক সলনি কৰিলে জীৱন আৰু প্ৰকৃতি দুয়োটাই ৰক্ষা কৰা হব।

কৰ্মশালাত উপস্থিতি থাকি নেৰিম গ্ৰুপ অফ ইনষ্টিটিউটৰ সঞ্চালক অধ্যাপক (ড:) সংগীতা ত্ৰিপাঠীয়ে মানব জাতিৰ স্বাৰ্থত ছাত্ৰ সমাজক এখন পাৰা মুক্ত পৃথিবী গঢ়াৰ আহান জনায়।

পাৰাৰ সামগ্ৰীৰ নিৰাপদ নিষ্কাশনৰ বিষয়ে গ্ৰাহকৰ সজাগতা আৰু জ্ঞান বৃদ্ধি যে অতি গুৰুত্বপূৰ্ণ সেই বিষয়ে কৰ্মশালাত দৃঢ় মত পোষণ কৰে কনজিউমাৰছ লিগেল প্ৰটেকচন ফ’ৰাম, অসমৰ
সচিব অধিবক্তা অজয় হাজৰিকাই।

দিল্লীস্থিত গ্ৰাহক সংস্থা কনজিউমাৰ ভয়চৰ প্ৰকল্প মুৰব্বী নীলাঞ্জনা বোসে কৰ্মশালাত উপস্থিতি থাকি কয় – “স্বাস্থ্যসেৱা খণ্ড ক্ৰমাৎ পাৰামুক্ত হৈ গৈ আছে আৰু ডিজিটেল সামগ্ৰীসমূহ সঠিক আৰু সুলভ মূল্যত পাবলৈ লৈছে। সাধাৰণ মানুহেও এই পাৰামুক্ত সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে।

Exit mobile version