Donald Trump:✒️ভাৰতীয় ট্ৰাক চালকৰ গাফিলতিৰ বাবে ফ্ল’ৰিডাত সংঘটিত দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত তিনিজন আমেৰিকান নাগৰিকৰ মৃত্যু হয় । এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
তেওঁৰ নিৰ্দেশত আমেৰিকাত থকা সকলো বিদেশী ট্ৰাক চালকৰ ভিছা বন্ধ কৰা হৈছে।বিদেশী বাণিজ্যিক ট্ৰাক চালকক নতুন ভিছা প্ৰদান কৰা নহ’ব বুলি ঘোষণা কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই।
সেই প্ৰক্ৰিয়াটো আপাততঃ স্থগিত ৰখা হৈছে।ৰুবিঅ’ই দাবী কৰে যে আমেৰিকাৰ মাটিত বিদেশী ট্ৰাক চালকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
এফালে তেওঁলোকে আমেৰিকাৰ ট্ৰাক চালকৰ জীৱিকাৰ ভাগ বতৰা কৰিছে, আনফালে তেওঁলোকৰ গাফিলতিয়ে আমেৰিকানসকলৰ জীৱন বিপদত পেলাইছে।
সেইবাবেই ট্ৰাম্প প্ৰশাসনে এই সিদ্ধান্ত লৈছে। ৰুবিঅ’ই জনাই যে এই মূহুৰ্তত পৰা আমি সকলো বিদেশী বাণিজ্যিক ট্ৰাক চালকৰ ভিছা বন্ধ কৰিছো। আমেৰিকাৰ পথত বৃহৎ ট্ৰেক্টৰ-ট্ৰেইলাৰ ট্ৰাক চালকৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে।এইটোৱে আমেৰিকানসকলৰ জীৱন বিপন্ন কৰিছে। ইয়াৰ ফলত আমেৰিকাৰ ট্ৰাক চালকৰ জীৱিকাও বিপদত পৰিছে।”
শেহতীয়াকৈ ফ্ল’ৰিডাৰ এটা পথত সংঘটিত হোৱা এক দুৰ্ঘটনাত তিনিজন আমেৰিকান লোকৰ মৃত্যু হয়। ট্ৰাকখনৰ চালকৰ নাম হৰ্জিন্দৰ সিং।
তেওঁ ভাৰতীয় বুলি অভিযোগ উত্থাপন হৈছে। তেওঁ মেক্সিকান সীমান্তৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল।
ঘাইপথত ট্ৰাক চলাই থকা অৱস্থাত অবৈধভাৱে ইউ টাৰ্ণ লৈছিল হৰজিন্দৰে। য’ত তিনিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত চালকজনৰ ইংৰাজী পৰীক্ষা কৰা হয়। ফলাফল আশা কৰা ধৰণে নহ’ল। তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
কেইবছৰমান আগতে হৰজিন্দৰে ট্ৰাক চালক হিচাপে ভিছা আৰু অনুজ্ঞাপত্ৰ লাভ কৰি কেলিফৰ্ণিয়াত থাকিবলৈ আৰম্ভ কৰিছিল ।
