লস্কৰক অস্ত্ৰ যোগান! চাকৰিৰ পৰা বৰ্খাস্ত কাশ্মীৰৰ দুজন চৰকাৰী কৰ্মচাৰী

Kashmir 1 1

Jammu and Kashmir:✒️সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে জম্মু-কাশ্মীৰ চৰকাৰী দুগৰাকী কৰ্মচাৰী। লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ নিৰ্দেশত এই নিৰ্দেশ জাৰি কৰা হৈছে।

অভিযুক্তই অস্ত্ৰ সৰবৰাহত জড়িত বুলি অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ স’তে দুয়োৰে মাজত যোগাযোগ আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, চাকৰিৰ পৰা বৰ্খাস্ত কৰা কৰ্মচাৰীসকলৰ নাম খুৰ্ছিদ আহমেদ আৰু ছিয়াদ আহমেদ খান। খুৰ্ছিদ পেছাত এজন শিক্ষক । ইফালে ছিয়াদ পশুপালন বিভাগৰ কৰ্মচাৰী আছিল ।

দুয়োজনেই উত্তৰ কাশ্মীৰৰ বাসিন্দা। দুয়োৰে বিৰুদ্ধে সীমান্তৰ সিপাৰে অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগ।

চৰকাৰী ৰেকৰ্ড অনুসৰি, আনজন অভিযুক্ত ছিয়াদ আহমেদ খান বৰ্তমান কুপৱাৰা জিলাত জিম্মাত আছে। ২০২৪ চনৰ এক ডিচেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

লস্কৰ-ই-তৈবাৰ সহযোগী আৰু আন্ডাৰগ্রাউন্ড কৰ্মী হিচাপে তেওঁৰ নাম আৰক্ষীৰ ৰেকৰ্ডত আছে। চৰকাৰী কৰ্মচাৰী হৈও তেওঁ লস্কৰত যোগদান কৰিছে । তেওঁৰ চূড়ান্ত লক্ষ্য আছিল ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা।

মন কৰিবলগীয়া যে, ৰাজ্য বিৰোধী কাৰ্যকলাপৰ অভিযোগত অভিযুক্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ চৰকাৰ সক্ৰিয়। চোৰাংচোৱা সংস্থাসমূহো প্ৰশাসনত আত্মগোপন কৰি থকা জাতিবিৰোধী লোকসকলকৰ সন্ধানত যথেষ্ট তৎপৰ ।ইতিমধ্যে কেবাজনো লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

Exit mobile version