Assam – Nagalend :
অসম- নাগালেণ্ড মাজত সমন্ধ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে দুয়ো ৰাজ্যই উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমিত সমূহীয়া বৃক্ষৰোপণৰ অংশীদাৰ হ’ব ৷ এই কথা সদৰি কৰে চুবুৰীয়া ৰাজ্য খনৰ মুখ্যসচিব গৰাকীয়ে ৷
শেহতীয়াকৈ অসম- নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমিত দীৰ্ঘদিন ধৰি বেদখল কৰি থকা অবৈধ বেদখলকাৰীক অসম চৰকাৰে উচ্ছেদ কৰাৰ পিছত উক্ত ভূমিক লৈ দুয়ো ৰাজ্যৰ মাজত উদ্ভৱ হোৱা তিক্ততাপূৰ্ণ পৰিবেশ অচিৰেই সমাপ্ত কৰা হ’ব বুলি এক বিবৃতি প্ৰকাশ কৰে মুখ্যসচিব গৰাকীয়ে ।
অসম- নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায় ৫১২ কি:মিটাৰ বিস্তৃত এলেকাক লৈ চলা সমস্যা সমাধানৰ ক্ষেত্ৰত নাগালেণ্ডৰ লগতে অসম চৰকাৰ আগ্ৰহী বুলি মন্তব্য কৰে ৷
এনে প্ৰেক্ষাপটত উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমিত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰি’অই যুটীয়াভাৱে ৰোপন কৰিব গছপুলি ৷






























