Batadova Than New committee:শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিকলৈ হোৱা বিৰ্তকৰ অন্ত

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব উচ্চ ন্যায়ালয়ৰ

Sequence 010 12

Batadova Than New committee:

গুৰুজনাৰ পৱিত্ৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিকলৈ অব্যাহত থকা বিৰ্তক অৱশেষত অন্ত পৰিল ৷ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক থান পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব ।

কমিটিৰ সদস্য সচিব ৰূপে দায়িত্ব অৰ্পন ধিং ৰাজহ চক্ৰ বিষয়াক ৷ একেদৰে ১২জনীয়া সমিতিৰ সদস্য সকল হ’ল জিলা অতিৰিক্ত আয়ুক্ত,খাগৰিজান খণ্ড উন্নয়ন বিষয়া ,বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ,শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ,অৱসৰ প্ৰাপ্ত অধ্যক্ষ ভূগেশ্বৰ বৰা,থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰা, ভাস্কৰজ্যোতি বৰা ,বদন বৰা ,গুণমণি কলিতা আৰু পাৰ্থজিৎ দাস ৷

উল্লেখ্য যে,দীর্ঘদিন ধৰি বটদ্ৰৱা থান পৰিচালানা সমিতিক লৈ দুখন কমিটিৰ মাজত অব্যাহত আছিল অৰিয়াঅৰি ৷ যাৰ ফলস্বৰূপে নিম্ন আদালতত গোচৰ চলি আছিল ৷ আদালতে তদৰ্থ কমিটিক দায়িত্ব দিছিল যদিও আন খন সমান্তৰাল কমিটিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৷

অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শ্ৰীশ্ৰীবটদ্ৰৱা থান থান পৰিচালনা সমিতিৰ সভাপতি হিচাপে নগাঁও জিলা আয়ুক্তক দায়িত্ব অর্পণ কৰি ১২জনীয়া সমিতি গঠন কৰি দিয়ে ৷ এতিয়া পৰা থান পৰিচালনা হ’ব নৱগঠিত সমিতিৰ জৰিয়তে ৷

#srisrisankardevbirthplace #batadova #newthanmanagementcommittee #dcdebasissarma #courtorder #guwahatihighcourt #dainikagradoot

Exit mobile version