আইজলক কেন্দ্ৰ কৰি ম্যানমাৰৰে কূটনৈতিক পৰিকল্পনা ভাৰতৰ

Aizawl Gets Connected to the Railway Network 2

Mizoram:✒️অসমৰ হাইলাকান্দি জিলাৰ সীমাতে লাগি থকা মিজোৰামৰ বৈৰবীৰ পৰা আইজলৰ সমীপৰ ছাইৰাঙলৈ গভীৰ প্রত্যাহ্বান নেওচি ভাৰতৰ ৰেল বিভাগে নির্মাণ সম্পূৰ্ণ কৰিছে ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰেলপথ।

এই পথছোৱাৰ নিৰ্মাণ কেৱল মাত্র আইজলক দেশৰ ৰেল মানচিত্ৰত স্থান দিয়াই নহয়, ইয়াৰ লগত জড়িত আছে ভাৰতৰ কূটনৈতিক নীতিও। কেন্দ্ৰীয় চৰকাৰৰ এক নীতি হ’ল দেশৰ সকলো ৰাজ্যৰ ৰাজধানীৰ স’তে বেল সংযোগ গঢ়ি তোলা।

সেই লক্ষ্য পূৰণৰ বাবে আইজলক নতুন পথছোৱা নিৰ্মাণৰে সংযোগ কৰা হৈছে ঠিকেই, তাৰ লগতে বাংলাদেশক স্পর্শ নকৰাকৈ ম্যানমাৰ হৈ ভাৰতৰ আন প্ৰান্তৰ লগত উত্তৰ-পূৰ্বাঞ্চলক সংযোজিত কৰা এটা বিকল্প পথৰো পৰিকল্পনা হাতত লোৱা হৈছে।

ইয়াৰ বাবে ছাইৰাঙৰ পৰা আগুৱাই গৈ মিজোৰাম-ম্যানমাৰ আন্তর্জাতিক সীমান্তৰ মিজোৰামৰ হিবিচুৱালৈ নতুন ৰেলপথৰ জৰীপ ইতিমধ্যে আৰম্ভ কৰা হৈছে। হিবিচুৱা পাৰ হ’লেই বংগোপসাগৰৰ বিখ্যাত কালাদন প্রকল্পলৈ ম্যানমাৰৰ পথ যোগাযোগ ব্যৱস্থা আছে।

ভাৰতে হিবিচুৱালৈ ৰেলপথ নির্মাণ কৰি ম্যানমাৰৰ পথৰ লগত তাৰ সংযোগ স্থাপন কৰিব বিচাৰিছে। উল্লেখ্য যে কালাদনৰ পৰা সামুদ্রিক পথেৰে বাংলাদেশৰ সীমান্ত স্পর্শ নকৰাকৈ পোনপটীয়াকৈ কলকাতাত উঠিব পাৰি।

ইয়াৰ জৰিয়তে কি পৰিকল্পনা?

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয় যে শিলিগুৰিৰ সমীপৰ ‘চিকেন নেক’ অঞ্চলটোক লৈ দীর্ঘকাল ধৰি বিভিন্ন স্পর্শকাতৰ চৰ্চা চলি আহিছে। মিজোৰাম-হিবিচুৱা হৈ নতুন পথটো হ’লে ‘চিকেন নেক’ৰ এটা বিকল্প পথৰ সৃষ্টি হ’ব। আকৌ আগৰতলাৰ পৰা বাংলাদেশৰ চিটাগং বন্দৰ হৈ বংগোপসাগৰৰে কলকাতালৈ যিটো পথ পৰীক্ষামূলকভাবে আৰম্ভ কৰা হৈছে সেইটোৰ বিকল্পও হ’ব ছাইৰাঙৰ পৰা পৰিকল্পনা কৰা এই নতুন পথটো।

উত্তৰ-পূৱ সীমান্ত ৰেলৱ  ইতিমধ্যে নির্ধাৰণ কৰা হিচাপ অনুসৰি আইজলৰ পৰা হিবিচুৱালৈ দূৰত্ব ২২৩ কিলোমিটাৰ। এই দূৰত্বত ৰেলপথ নির্মাণ নিশ্চিতভাবে যথেষ্ট প্রত্যাহ্বানমূলক হ’ব। জটিল ভৌগোলিক পৰিৱেশ এই প্রত্যাহ্বানৰ মূল কাৰণ। এই প্ৰসংগত ৰেল বিভাগৰ সূত্ৰই দাবী কৰে যে বৈৰবীৰ পৰা ছাইৰাঙলৈ যিদৰে অভাৱনীয় প্রত্যাহ্বান নেওচি ৰেলপথ নির্মাণ সম্পূর্ণ কৰি তোলা হৈছে, তেনেদৰে নতুন প্রকল্পৰো প্রত্যাহ্বান ওফৰাবলৈ ভাৰতীয় বেল সক্ষম উল্লেখ্য যে ‘চিকেন নেক’ অংশটোক লৈ সদায় চীনে ভাৰতক চাপত ৰখাৰ চেষ্টা চলাই আহিছে।

শেহতীয়াকৈ বাংলাদেশেও স্পর্শকাতৰ বিষয়টোত জঁপিয়াই পৰিছে। ভাৰতে এনে ষড়যন্ত্রক বিশেষ গুরুত্ব নিদিলেও নতুন পথৰ জৰিয়তে বিকল্প যোগাযোগ ব্যবস্থা গঢ়ি তোলাৰ পোষকতা কৰিছে। ৰেলৱেৰ শীৰ্ষ সূত্রই সদৰী কৰা অনুসৰি ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা আৰু নিৰ্মাণৰ প্ৰস্তাৱৰে ছাইৰাঙৰ পৰা হিবিচুৱালৈ জৰীপ অব্যাহত থকা ৰেল পথছোৱাৰো কাম সম্পূর্ণ হ’লে ব্যয়ৰ তুলনাত আর্থিক লাভালাভ কিমান হ’ব তাৰ হিচাপ-নিকাচক সদ্যহতে গৌণ কৰা হৈছে।

বিষয়টো কূটনৈতিক দিশৰে চোৱা বাবেই আর্থিক লাভালাভৰ দিশটোক মুখ্য কৰিব বিচৰা নাই। অৱশ্যে বেল পথটো নির্মাণ হৈ উঠিলে স্বাভাবিকতে সামগ্রী পৰিবহণো ত্বৰান্বিত হ’ব বুলিয়েই সংশ্লিষ্ট কর্তৃপক্ষই নিশ্চিত হৈছে। উল্লেখ্য যে অহা ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈৰবী- ছাইৰাং প্রকল্প উদ্বোধন কৰাৰ সম্ভাৱনা আছে। তাৰ পাছতে ছাইৰাং-হিবিচুৱাৰ বিষয়টো অধিক ত্বৰান্বিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

Exit mobile version