Supreme Court:✒️এক বিতর্কিত বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ জৰিয়তে নির্বাচন আয়োগে অলপতে প্রকাশ কৰা আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ খচৰা তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলক এক বৃহৎ সকাহ দিলে উচ্চতম ন্যায়ালয়ে।
বিহাৰৰ এই এছআইআৰ বিতৰ্কৰ গোচৰৰ শুনানি গ্রহণ কৰি আজি ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে মন্তব্য কৰে যে খচৰা তালিকাৰ পৰা বাদ পৰা সকলে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব।
কেৱল সেয়াই নহয়, এইসকল ভোটাবে ৰাজনৈতিক দলৰ এজেণ্টৰ জৰিয়তেও ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব। আবেদন জনাবৰ বাবে নির্বাচনী বিষয়া কাৰ্যালয়ত সোঁশৰীৰে উপস্থিত থকাৰ প্রয়োজন নাই বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিছে।
লগতে বিচাৰপীঠে নির্বাচন আয়োগক আধাৰ কাৰ্ডৰ প্ৰতিলিপি গ্রহণ কৰিবলৈও নির্দেশ জাৰি কৰে। অর্থাৎ আবেদনকাৰীয়ে বাসিন্দাৰ প্ৰমাণৰূপে আধাৰ কাৰ্ড আবেদনৰ স’তে জমা দিব পাৰিব। ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে অহা পহিলা ছেপ্টেম্বৰলৈকে নির্বাচন আয়োগৰ ওচৰত ভোটাৰসকলে আপত্তি দাখিল কৰিব পাৰিব।
তেওঁলোকক বুথ পৰ্যায়ৰ এজেন্টে সহায় কৰিব পাৰিব। এই সম্পৰ্কত সকলো ৰাজনৈতিক দলৰ সভাপতিলৈ জাননী জাৰি কৰিবলৈ বিহাৰৰ মুখ্য নির্বাচন বিষয়ালৈও কালি ন্যায়ালয়ে নির্দেশ জাৰি কৰে।
মুখ্য নির্বাচন বিষয়াৰ এই জাননীত উল্লেখ থাকিব তিনিটা কথা। ইয়াৰে প্ৰথমটো হ’ল সংশ্লিষ্ট ভোটাৰে নিজে অথবা এজেণ্টৰ সহযোগিতাত অনলাইন আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ বাবে সোঁশৰীৰে নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত উপস্থিত থকাৰ প্রয়োজন নাই।
দ্বিতীয়টো হৈছে খচৰা ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা ভোটাৰসকলে অহা পহিলা ছেপ্টেম্বৰৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব। অন্তিমটো হৈছে বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত প্ৰ-পত্র জমা দিলে বছিদ দিব লাগিব।এই ৰছিদ প্রদান কৰাটোৱে প্ৰ-পত্র গ্রহণ কৰা বুজাব।
কালি শুনানিৰ সময়ত ৰাজনৈতিক দলসমূহ ন্যায়ালয়ৰ প্ৰশ্নৰ সম্মুখীন হয়। দুজনীয়া বিচাৰপীঠে কয়, ‘বুথ পৰ্যায়ৰ এজেন্টসকল ৰাজনৈতিক দলৰ হয়। একোটা অঞ্চলৰ এনে এজন এজেন্টক স্থানীয় সকলো লোকে চিনি পায়। কাৰ নাম বাদ পৰিল সেয়া নিশ্চয় এজেন্টে জানিব।’
এই এজেন্টসকলে আপত্তি কৰিছে নে নাই বুলি বিচাৰপীঠে প্ৰশ্ন কৰে। বিচাৰপীঠৰ এই প্ৰশ্নৰ উত্তৰত আয়োগৰ হৈ ন্যায়ালয়ত যুক্তি প্রদর্শন কৰা অধিবক্তাই কয়, ‘প্রায় সকলো বুথত এজেন্ট আছে। মিত্রতা থকা ৰাজনৈতিক দলসমূহে সকলো বুথত সুকীয়া এজেন্ট নিয়োগ নকৰে। ‘
এই গোচৰৰ পৰৱৰ্তী শুনানি অহা আঠ ছেপ্টেম্বৰত গ্ৰহণৰ সিদ্ধান্ত লয় ন্যায়ালয়ে। উল্লেখ্য যে বিহাৰৰ এই এছআইআৰক লৈ দেশজুৰি মিশ্রিত প্রতিক্রিয়া অব্যাহত আছে। বিজেপিয়ে নির্বাচন আয়োগক ব্যৱহাৰ কৰি এই বিতর্কিত প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি আগন্তুক নিৰ্বাচনত জয়লাভৰ অংক কৰা বুলি বিৰোধী ‘ইণ্ডিয়া’ই সংসদৰ বাহিৰে-ভিতৰে সৰৱ হৈ আহিছে।
অৱশ্যে উচ্চতম ন্যায়ালয়ে ভোটাৰ তালিকাৰ পৰা বাদ পৰা সকলক আপত্তি দাখিল বা আবেদন জনাওতে আধাৰ কাৰ্ড গ্ৰহণ কৰিবলৈ নির্বাচন আয়োগলৈ নিৰ্দেশ দিয়াত বিতৰ্কৰ কিছু শাম কাটে। ন্যায়ালয়ৰ আজিৰ নিৰ্দেশে বিতর্কটো আৰু অধিক নিস্তেজ কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে।
লক্ষ্যণীয়ভাবে এছআইআৰৰ ফলত ৰাজ্যখনৰ খচৰা ভোটাৰ তালিকাৰ পৰা মুঠ ৬৫ লক্ষ ভোটাৰৰ নাম বাদ পৰে। ইয়াৰে একাংশ মৃত বুলি আয়োগে কৰা দাবীও বিৰোধী শিবিৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
ন্যায়ালয়ত আজিৰ শুনানিৰ সময়ৰ দৃশ্যপট
নির্বাচন আয়োগ: ভুলবশতঃ কাৰোবাৰ নাম বাদ পৰিলে আবেদন জনাব পাৰিব। আত্মপক্ষৰ সমর্থনত অতিৰিক্ত নথি জমা দিব পাৰিব। সকলো আৰক্ষী থানা, পঞ্চায়তৰ অধীনৰ অঞ্চল আৰু এজেন্টসকলৰ বাদ পৰা তালিকা প্রকাশ কৰা হৈছে। কোনো ৰাজনৈতিক দলে এই পর্যন্ত অভিযোগ দিয়া নাই।
উচ্চতম ন্যায়ালয়: স্বীকৃত ১২ টা ৰাজনৈতিক দলৰ সকলো বুথত এজেন্ট নাই। প্রয়োজনত তেওঁলোকে এজেন্ট নিয়োগ কৰিব পাৰিব।
নির্বাচন আয়োগ: বিহাৰৰ সকলো ৰাজনৈতিক দলৰ বিষয়ালৈ তালিকা পঠিওৱা হৈছে। ১.৬ লাখ এজেন্টক তালিকা দিয়া হৈছে। প্রতিদিনে ১০ টাকৈ বাদ পৰা নাম পৰীক্ষা কৰা হৈছে। এই কাম শেষ হ’লে সম্পূর্ণ তালিকা প্রকাশ কৰা হ’ব। সকলোকে নথি আৰু অভিযোগ দাখিলৰ সুযোগ দিয়া হ’ব।
গুচৰীয়া পক্ষৰ অন্যতম অধিবক্তা প্রশান্ত ভূষণৰ যুক্তি: ৰাজ্যৰ বাহিৰত বাস কৰা অনেক শ্রমিকৰ নাম বাদ পৰিছে। তেওঁলোক কামৰ খাতিৰত বাহিৰত আছে। তেওঁলোক ঘূৰি আহিব পৰা নাই। তেওঁলোকৰো নাম বাদ পৰিল।
বিচাৰপতি কান্ত: কিন্তু তেওঁলোকৰ এজেন্টসকল গাঁৱৰ মানুহ। সৰু গাঁওসমূহত ইজনে সিজনক চিনি পায়। তেওঁলোকে এই কথা নাজানে? এজেন্টসকলে কি কৰিছে আমি ভাবিছো। ৰাজনৈতিক দলসমূহৰ কৰ্মীসকলৰ স’তে সাধাৰণ মানুহৰ ইমান দূৰত্ব কেনেদৰে সৃষ্টি হ’ব পাৰে?
উচ্চতম ন্যায়ালয়: সম্পূর্ণ বিষয়টো আমি বিবেচনা কৰিছো। আমি বিচাৰিছো এই সমগ্র প্রক্রিয়া ভোটাৰ অনুকূল হওঁক। নির্বাচন আয়োগ: গুচৰীয়াসকলে অযথা বিষয়টোক লৈ জটিলতা বৃদ্ধি কৰিছে। ৯৯ শতাংশৰো অধিক মানুহে আবেদন কৰিছে। আয়োগৰ ওপৰত বিশ্বাস ৰাখিছে।
বিচাৰপতি বাগচী: ৰাজনৈতিক দলসমূহতকৈ সাধাৰণ ভোটাৰ নিজৰ অধিকাৰকলৈ অধিক সচেতন।
বিচাৰপতি কান্ত: আবেদন জমা দিয়াৰ ক্ষেত্ৰত আধাৰ বা পৰিচয়ৰ কোনো নথি গ্রহণ কৰা হওক। ধৰক আজি আধাৰ দি আবেদন কৰিলে। কিন্তু মাধ্যমিক স্কুলৰ প্ৰমাণপত্ৰ বিচাৰি যাব পৰা নাই। এই ক্ষেত্ৰত আবেদন জমা ল’ব। বাধা নিদিব। আন নথিৰ জমা দিয়াৰ বাবে সময় আৰু সুযোগ দিব।
নির্বাচন আয়োগ: কোটি কোটি মানুহে আবেদন জমা দিছে। কিছুদিন আৰু অপেক্ষা কৰক। অনেক কাহিনী উৰিছে। আয়োগৰ ওপৰত আস্থা ৰাখক।
উচ্চতম ন্যায়ালয়: খচৰা তালিকাত নাম অন্তর্ভুক্তিৰ বাবে অনলাইন আবেদন জনাব পাৰিব। খচৰা তালিকাত নাম নাথাকিলে পহিলা ছেপ্টেম্বৰ পৰ্যন্ত অভিযোগ দাখিল কৰিব পাৰিব। বিহাৰৰ ১২ টা ৰাজনৈতিক দলৰ ১.৬৭ লাখ এজেন্ট আছে। তেওঁলোকে প্রতিদিনে ১০ টা নাম পৰীক্ষা কৰিছে। অর্থাৎ নিতৌ ১৬ লক্ষ বাদ পৰা নাম পৰীক্ষা কৰি থকা হৈছে। ৬৫ লক্ষৰ নাম পৰীক্ষা কৰোতে চাৰি-পাঁচদিন সময় লগা উচিত। তাক বাদ দিও অতিৰিক্ত সময় আছে। ভোটাৰসকলে অভিযোগ জনাব পাৰিব। তেওঁলোকক বুথ পৰ্যায়ৰ এজেন্টসকলে সহায় কৰিব পাৰিব। ভোটাৰসকলে প্রয়োজনীয় আবেদন জমা দিয়াৰ ক্ষেত্ৰত ১১ নথিৰ যিকোনো এবিধ অথবা আধাৰ কাৰ্ড জমা দিয়াৰ ক্ষেত্ৰত এজেন্টসকলে সহযোগিতা আগবঢ়াব পাৰিব।
উচ্চতম ন্যায়ালয়: বিহাৰৰ মুখ্য নির্বাচন বিষয়াই সকলো ৰাজনৈতিক দলৰ সভাপতিলৈ জাননী জাৰি কৰিব। আবেদনকাৰীয়ে কি কি নথি জমা দিছে তাৰ প্ৰতি নির্বাচন আয়োগে লক্ষ্য ৰাখিব। আয়োগৰ ৰছিদ অনলাইনত প্ৰকাশ কৰা হ’ব। গুচৰীয়াৰ আন এক অধিবক্তা বৃন্দা গ্ৰ’ভাৰঃ এই সমস্যা ৬৫ লাখ লোকতে সীমাবদ্ধ থকা নাই। কিন্তু আমি আচৰিত হৈছো ৰাজনৈতিক দলসমূহে কোনো পদক্ষেপ নোলোৱাত। বুথ পর্যায়ে এজেন্ট নিযুক্তি দিয়াৰ পাছত তেওঁলোকে কি কৰি আছে?
অধিবক্তাগৰাকীয়ে এই মন্তব্য কৰাৰ পাছতে ন্যায়ালয়ে জনতাৰ স’তে ৰাজনৈতিক দলসমূহৰ দূৰত্ব কিয় সৃষ্টি হৈছে বুলি প্রশ্ন কৰে।






























