AASA:
আদিবাসী জনগোষ্ঠীক অৱহেলা কৰা বুলি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)। অহা ২৪ আগষ্টত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত ক’লা পতাকা প্রদান কৰি তীব্র প্রতিবাদী কার্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।
ডিব্ৰুগড় জিলা মৰাণত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে সংগঠনটোৱে। আছাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে এই সন্দৰ্ভত কয়, ‘বিভিন্ন জিলাত আছাৰ বিজেপি বিৰোধী প’ষ্টাৰিং আৰু অশুভ জাতিগত প্ৰমাণপত্ৰৰ প্ৰতিলিপি দাহ কাৰ্যসূচী অব্যাহত ৰাখি মুকলি কেইটামান প্রশ্ন সন্নিবিষ্টৰে প’ষ্টাৰ সাজু কৰি তোলা হৈছে। সেই অনুযায়ী আমি চৰকাৰক মুকলি প্রশ্ন কৰিছো, আদিবাসীসকলক কিয় জনজাতিৰ মৰ্যাদা প্রদান কৰা নহ’ল ? গাঁৱত বাস কৰা আদিবাসীসকলক কিয় ভূমি পট্টা দিয়া নহ’ল?
আদিবাসী চাহ শ্ৰমিকসকলৰ মজুৰি ৫৫১ টকালৈ কিয় বৃদ্ধি কৰা নহ’ল ? আদিবাসী বিদ্রোহী সৈনিকসকলক আজিলৈকে কিয় সংস্থাপনৰ ব্যৱস্থা কৰা নহ’ল? ২০২২ৰ ১৫ ছেপ্টেম্বৰত সম্পন্ন হোৱা আদিবাসী চুক্তিসমূহ কিয় আজিও কার্যকৰী নহ’ল ? আদিবাসীসকলক প্রদান কৰা জাতিগত প্রমাণপত্র কিয় আজিলৈকে সংশোধন নহ’ল তাৰ উত্তৰ লাগে।’
বিজেপি চৰকাৰে কিয় আদিবাসীসকলৰ সমস্যা সমাধান কৰিব নোৱৰাৰ বাবে আদিবাসী অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে আদিবাসীসকলক বাৰে বাৰে প্ৰতাৰণা কৰি আদিবাসীসকলক ভোট বেংকৰূপে ব্যৱহাৰ কৰি আহিছে। সেয়ে কেৱল মুখ্যমন্ত্রীয়েই নহয়, যদি বিজেপি চৰকাৰৰ মন্ত্রী বা নেতাসকলে আদিবাসী অধ্যুষিত অঞ্চললৈ আহে, তেতিয়াহ’লে প্রতিবাদৰ সম্মুখীন হ’ব লাগিব বুলি হুংকাৰ দি কয় যে আদিবাসী ৰাইজক কেইটামান আঁচনি দি কণা হাঁহক পতান দিয়াৰ দৰে কৰিছে বুলি নেতাজনে ক্ষোভ ব্যক্ত কৰে।
তেওঁ লগতে কয় যে আদর্শ বিদ্যালয় স্থাপন কৰিলে যদিও তাত আন্তঃগাঁথনিৰ অভাৱ। আদিবাসী ৰাইজে বিনামূলীয়া চাউল বিচৰা নাই, বিচাৰিছে চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকা। আঠ ঘণ্টা কাম কৰা চাহ বাগিচাৰ শ্ৰমিকৰ থাকিবলৈ এটা ভাল ঘৰ নাই, বিশুদ্ধ খোৱাপানীৰ অভাৱ বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্রী-বিধায়কলৈ আদিবাসী অঞ্চলত প্রবেশ নিষিদ্ধ কৰা হৈছে বুলি হুংকাৰ দিয়ে।






























