Bongalmora: বঙালমৰা আৰক্ষী চকীৰ উপ- পৰিদৰ্শক গকুল জয়শ্ৰীক দলবদ্ধ আক্ৰমণ কৰা এজনক আটক

bongalmora

Bongalmora:

লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ উপ- পৰিদৰ্শক গকুল জয়শ্ৰীক দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত দৌলতপুৰৰ আফজালুৰ ৰহমান নামৰ উদণ্ড এজন যুৱকক শুকুৰবাৰে নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বৃহস্পতিবাৰে নিশাবঙালমৰাৰ ফতেহপুৰ গোলাৰ ৰাজপথত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।

নিজকে ক্ৰাইম ব্ৰাঞ্চৰ লোক বুলি পৰিচয় দি নকল সোণ,জালনোট আৰু ড্ৰাগছৰ বেহাৰ লগত জড়িত ১৫/২০ জনীয়া দলটোৱে প্ৰথমে আৱদ্ধ কৰিছিল এখন ব্যক্তিগত বাহন। বাহনখনত আছিল শিশু, মহিলাসহ এটা পৰিয়াল । পৰিয়ালটোৱে বিহপুৰীয়া থানাত এটা গোচৰৰ সাক্ষ্য দি ঘৰলৈ উভতি গৈ আছিল। আৰক্ষী থানাৰ পৰা ঘৰলৈ গৈ থকা লোক সকলক আৱদ্ধ কৰি দলটোৱে সৃষ্টি কৰে অবাঞ্চিত পৰিস্থিতিৰ ।

ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ বাহন খন উদ্ধাৰৰ চেষ্টা কৰিছিল বঙালমৰা আৰক্ষীয়ে। সেই সময়তে ডকাইতৰূপী দলটোৱে আৰক্ষীক আক্ৰমণ কৰে । আৰক্ষীৰ চোলা ফালি, বেজ ছিঙি আৱদ্ধ কৰা লোক সকলক আক্ৰমণৰ চেষ্টা কৰে ক্ৰাইম ব্ৰাঞ্চৰ লোক বুলি চিনাকি দিয়া দলটোৱে। দলবদ্ধ আক্ৰমণৰ বলি হোৱা আৰক্ষী বিষয়া গকুল জয়শ্ৰীয়ে আক্ৰমণ কৰা দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷

উল্লেখযোগ্য যে ফেচবুকত পেজ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দিয়া আমিনুৰ ৰহমান নামৰ যুৱকজনৰ নেতৃত্বতে সংঘটিত হৈছিল এই ঘটনা ৷ ঠগ প্ৰৱঞ্চক তথা ব্লেকমেইলাৰ আমিনুৰৰ বিৰুদ্ধে আৰক্ষী থানাত সাক্ষী দি ওভটাৰ পথতে দম্পতীটোৰ ওপৰত জপিয়াই পৰিছিল ডকাইতৰ দলটো,আৰু দম্পতীটোক উদ্ধাৰৰ বাবে নিশা ঘটনা স্থলীত উপস্থিত হৈছিল আৰক্ষী ৷ ঘটনা সম্পৰ্কত বিহপুৰীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version