Brown sugar seized With Paddlar Arrested:
শুকুৰবাৰে নিশা তামাৰহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ বিশেষ খবৰৰ ভিত্তিত বৰখচুৱাৰ সন্তোষ কুমাৰ ৰায় নামৰ ব্যক্তিজনৰ ঘৰত অভিযান চলাই এশটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় । কন্টেইনাৰ কেইটাত আছিল ১২৭.৭৫ গ্ৰাম ব্ৰাউন ছুগাৰ ৷

আৰক্ষীয়ে সন্তোষ কুমাৰ ৰায়ক আটক কৰাৰ লগতে দুটা ম’বাইল আৰু এখন পালচাৰ বাইক জব্দ কৰে ।
উল্লেখ্য যে,আটকাধীন সন্তোষ কুমাৰ ৰায়ৰ পুত্ৰ নিত্যনন্দ ৰায়ে সংগোপনে দীৰ্ঘদিন ধৰি তামাৰহাটত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ আনকি ইয়াৰ বিৰুদ্ধে সৰৱ হোৱা নিজ গাঁও বৰখচুৱাৰ লোকসকলক সময়ে সময়ে ভয়- ভাবুকি দিয়াৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷
যোৱা নিশা আৰক্ষীৰ অভিযানত কুখ্যাত ড্ৰাগছ মাফিয়া নিত্যানন্দ ৰায় আৰক্ষীৰ জালত পৰিছিল যদিও এন্ধাৰৰ সূযোগ গ্ৰহণ কৰি পলায়ন কৰে ৷ অৱশ্যে আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ সহ পিতৃ সন্তোষ কুমাৰ ৰায়ক আটক কৰে।
ADVERTISEMENT






























