Theft arrested:মহানগৰীৰ পল্টনবজাৰৰ নেপালী মন্দিৰত চুৰিকাণ্ডৰ অভিযুক্ত আৰক্ষীৰ জালত

চিচিটিভিত বন্দী হোৱাৰ ভিডিঅ'ফুটেজৰ আধাৰত আটক চোৰটোক

Sequence 010 14

Theft arrested:

শুকুৰবাৰে মহানগৰীৰ পল্টনবজাৰৰ নেপালী মন্দিৰত সংঘটিত চুৰিকাণ্ডৰ অভিযুক্ত অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ আটকাধীন চোৰটোৰ নাম জয়ন্ত দুৱৰা ৷ পল্টনবজাৰ আৰক্ষীয়ে চুৰিকাণ্ডৰ পিছতে মন্দিৰত উপস্থিত হৈ ক্ষিপ্ৰতাৰে তদন্ত চলাই মন্দিৰত সংলগ্ন চিচিটিভিত বন্দী হোৱাৰ ভিডিঅ’ ফুটেজৰ আধাৰত অভিযান চলাই চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা চোৰটোৱে মন্দিৰৰ ওপৰৰ অংশৰে প্ৰৱেশ কৰি চোৰে লুটি নিলে মন্দিৰৰ দুটাকৈ দানপাত্ৰৰ পৰা বৃহৎ পৰিমানৰ ধন ৷ দানপাত্ৰ দুটাত জমা হৈ আছিল প্ৰায় ২-৩ মাহৰ ধন ৷

Exit mobile version