Tinsukia:
তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ ছাইডিং বজাৰত শুকুৰবাৰে মজুৰিক লৈ চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু শ্ৰমিকৰ মাজত উদ্ভৱ হোৱা সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ যোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইক আক্ৰমণৰ ঘটনাক লৈ সৰৱ হৈ পৰে জিলা খনৰ জাতীয় দল – সংগঠন। উল্লেখ্য যে ব্যৱসায়ী-শ্ৰমিকৰ সংঘাতৰ সময়তে বিষয়াজনক আক্ৰমণৰ চেষ্টা কৰে একাংশ অনা অসমীয়া শ্ৰমিকে ৷ অৱশ্যে পিছত অধিক আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এই সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে আটক কৰে ৬ জনক ৷
শনিবাৰে এই ঘটনাক লৈ তিনিচুকীয়াৰ ছটাকৈ জাতীয় সংগঠন ক্ৰমে আছু ,জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ,মৰাণ ছাত্ৰ সন্থা,মটক ছাত্ৰ সন্থা ,চুতীয়া ছাত্ৰ সন্থা আৰু আটছাৰ জিলা সমিতিৰ নেতৃবৰ্গ এক আলোচনাত মিলিত হৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৈঠকৰ অন্তত জাতীয় সংগঠন কেইটাৰ নেতৃবৰ্গই এক সংবাদমেল সম্বোধন কৰি কয় ,বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি হৈছে তিনিচুকীয়াৰ ৷
কিন্ত শেহতীয়াকৈ ভূমিপুত্ৰ- থলগিৰী জনগোষ্ঠীয় ৰাইজৰ সৰলতাৰ সূযোগ গ্ৰহণ কৰি ব্যৱসায়- বাণিজ্য কৰি থকা অনা অসমীয়া ব্যৱসায়ীৰ লগতে বহি:ৰাজ্যৰ পৰা অহা অনা অসমীয়া শ্ৰমিকে টাৰ্গেট কৰি লৈ স্থানীয় ভূমিপুত্ৰ- থলগিৰী লোকক ৷ কালিৰ ঘটনাটো তাৰ জলন্ত প্ৰমাণ৷ ইয়াৰ পূৰ্বে তিনিচুকীয়া চহৰত আৰু তালাপতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷
বাৰেপতি হৈ থকা ঘটনাৱলীক ছয় জনগোষ্ঠীয় সংগঠনে গুৰুত্ব সহকাৰে লৈ শেষ বাৰৰ বাবে তিনিচুকীয়া অনা- অসমীয়া আৰু চেম্বাৰ্ছ অৱ কমাৰ্চক সকীয়নি দি কোৱা হয় যে অনাগত দিনত এই ধৰণৰ ঘটনা পুনৰাবৃত্তি হ’লে জাতীয় দল- সংগঠন হাত সাবটি বহি নাথাকে ৷ ব্যৱসায় কৰাৰ নামত ভূমিপুত্ৰ- থলগিৰীৰ বিপৰীতে কাম কৰিলে সমুচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি মন্তব্য কৰে এজেৱাইচিপি তিনিচুকীয়া গোটৰ নেতা সুৰজৎ মৰাণে ৷
ADVERTISEMENT






























