চন্দ্ৰৰ স’তে গ্রহাণুৰ সংঘর্ষত হ’ব উল্কাবৃষ্টি

illustration of the giant impact hypothesis with the news photo 1647456125

Space:✒️উল্কাবৃষ্টি চাবলৈ মহাকাশপ্রেমী লোকসকল সদায় উন্মুখ হৈ থাকে। মহাশূন্যত পোহৰৰ ৰেখা দেখি মানুহ মুগ্ধ হয়। উল্কাবৃষ্টি মানেই যেন আকাশত হোৱা আতচবাজি। আগন্তুক কিছু বছৰৰ পাছতে এনে এক অতি নান্দনিক উল্কাবৃষ্টি দেখা পাব পৃথিবীবাসীয়ে, যি আগৰ সকলো মহাজাগতিক ঘটনাৱলীক ম্লান কৰি পেলাব পাৰে। কিয়নো সেই উল্কাবৃষ্টি হ’ব পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ পৰা।

আচলতে কিছু মাহৰ পূৰ্বে এক অতিকায় গ্রহাণুৰ সন্ধান পাই আতংকিত হৈ পৰিছিল জ্যোতির্বিজ্ঞানীসকল। ‘২০২৪ ৱাইআৰ৪’ নামৰ সেই গ্রহাণুটো পৃথিৱীৰ বুকুত আছাৰ খাই পৰিব পাৰে বুলি আশংকা কৰা হৈছিল। অৱশ্যে পাছত দেখা গ’ল যে সেই গ্রহাণুৱে দিশ সলনি কৰি চন্দ্ৰৰ দিশে অগ্ৰসৰ হৈছে।

জেমছ বেব স্পেচ টেলিস্কোপৰ পৰা পোৱা তথ্যৰ পৰাই এই দাবী কৰিছে বিজ্ঞানীসকলে। এইবাৰ জনা গ’ল যে ২০৩২ত সেই গ্রহাণুটো চন্দ্ৰৰ মাটিত আছাৰ খাই পৰিলে তাৰ প্রকোপত পৃথিৱীৰ বুকুত উল্কাপাত হ’ব।

সাধাৰণ ধুমকেতুৱে সূর্যক প্রদক্ষিণ কৰাৰ সময়ত তাৰ শৰীৰৰ পৰা টুকুৰা সৰি পৰিলে উল্কাবৃষ্টি হয়; কিন্তু এইবাৰ বিষয়টো সম্পূর্ণ ভিন্ন। অতিকায় গ্রহাণুটো চন্দ্ৰৰ মাটিত আছাৰ খাই পৰিলে চন্দ্ৰৰ টুকুৰা পৃথিৱীৰ দিশে খহি আহিব।

তাৰ পাছত আমাৰ বায়ুমণ্ডলৰ স’তে ঘঁহনি খাই জ্বলি ছাই হৈ যাব। সেই পোহৰৰ জিলিকনিয়ে আকাশত এক অনুপম সৌন্দৰ্যৰ সৃষ্টি কৰিব।

তদুপৰি সামগ্রিকভাৱে সেই মহাজাগতিক ঘটনা বিজ্ঞানীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ এক ঘটনাৰূপে ফুটি উঠিব বুলিয়ে ধাৰণা কৰা হৈছে। দাবী কৰা হৈছে যে গ্রহাণুটো চন্দ্ৰৰ মাটিত আছাৰ খাই পৰিলে প্রায় চাৰিশ মিটাৰ ব্যাসৰ এক বিৰাট গাঁতৰ সৃষ্টি হ’ব।

সেই ক্ষেত্রত কোনো গ্রহাণু আছাৰ খাই পৰিলে কি ধৰণৰ প্ৰভাৱ পৰে সেয়া একেবাৰে কাষৰ পৰা চোৱাৰ সুযোগ পাব বিজ্ঞানীসকলে। ফলত প্রস্তুত হ’ব পাৰিব পৃথিৱীৰ ক্ষেত্ৰত গ্ৰহাণুৰ আঘাতজনিত কোনো সম্ভাব্য বিপদৰ মোকাবিলাৰ বাবে।

Exit mobile version