চাৰিবাৰকৈ চীনৰ পুনর্ব্যৱহাৰযোগ্য স্পেচপ্লেনে প্রদক্ষিণ কৰিলে পৃথিৱীক। যোৱা ছয় ফেব্ৰুৱাৰীত উত্তৰ-পশ্চিম চীনৰ জিইকুয়ান ছেটেলাইট লঞ্চ চেণ্টাৰৰ পৰা লং মার্চ-২এফ ৰকেটত উঠি মহাকাশত উপস্থিত হৈছিল চীনা মহাকাশ যান ‘শ্বেনলং’।এই নামৰ অৰ্থ হৈছে ‘পৱিত্র ড্রেগন’।
২০২০ৰ পৰা ধৰিলে বিগত কিছু বছৰত চাৰিবাৰ এনে প্রদক্ষিণ হ’ল। যিহেতু চীনৰ তৰফৰ পৰা এই অভিযান সম্পর্কে ন্যূনতম তথ্যহে দিয়া হৈছে, সেয়ে এই অভিযানৰ উদ্দেশ্যক লৈ নানা প্রশ্ন উঠিছে।
চীন প্রশাসনে স্পেচপ্লেন তথা মহাকাশ বিমান কর্মসূচীক প্রযুক্তি সংক্রান্ত পৰীক্ষাৰ এটা অংশৰূপে বৰ্ণনা কৰিছে। কোৱা হৈছে যে ভৱিষ্যতে মহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰৰ বাবে আৰু সুবিধাজনক তথা সাশ্রয়ী মূল্যৰ লক্ষ্যৰেই এই অভিযান; কিন্তু এই পর্যন্ত উক্ত অভিযান সম্পর্কে বিশদভাবে একো কোৱা নাই চীনে।
যানখনৰ নক্সা, ভাৰ বহনৰ ক্ষমতা, কাৰ্যপ্ৰণালীৰ দবে বহু তথ্যই প্রকাশ কৰা নাই জিনপিং প্রশাসনে। সেয়ে এই গোপনীয়তাৰ পৰাই নানা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
অৱশ্যে এটা বিষয় পৰিষ্কাৰ। পুনর্ব্যৱহাৰযোগ্য মহাকাশ যান প্রযুক্তিত বাকী দেশক চীনে অনেক পিছ পেলাইছে। মহাকাশ অভিযানৰ খৰচ অপৰিসীম। তাৰ পাছতো যদি এবাৰ অভিযানত প্ৰেৰণ কৰাৰ পাছত সেই যানক পুনৰ অভিযানলৈ পঠোৱা হয়, তেনেহ’লে মহাকাশ অভিযানৰ ব্যয় হ্রাস কৰিব পৰা যাব।
সেয়ে চীনৰ এই উদ্ভাৱনক কেন্দ্ৰ কৰি সংশ্লিষ্ট মহলত কৌতূহল তুংগত আছে।উল্লেখ্য যে সাম্প্রতিক সময়ত চীনে মহাকাশ গৱেষণাত বাৰে বাৰে চমক দিছে। নিজস্ব মহাকাশ কেন্দ্ৰও স্থাপন কৰিছে বেইজিঙে। ধাৰাবাহিক গৱেষণাৰ মাধ্যমেৰে চীনে যে মহাকাশত তেওঁলোকৰ ঘাটি ক্রমাৎ শক্তিশালী কৰিছে, সেয়া নিশ্চিত।






























