“য’ৰ পৰাই সুলভ মূল্যত তেল উপলব্ধ হ’ব তাৰ পৰাই ভাৰতে তেল ক্ৰয় কৰিব”

ট্ৰাম্পৰ সতৰ্কবাণীৰ মাজতে জনালে ভাৰতীয় দূতে  

1756097813 oil

Russia:ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ‘শাস্তি’ হিচাপে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে আমেৰিকাই। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সতৰ্কবাণীৰ পাছতো ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰা নাই।

ইফালে মস্কোত থকা নতুন দিল্লীৰ ৰাষ্ট্ৰদূতে জনাইছে,ভাৰতে য’ৰ পৰা সুলভ মূল্যত তেল লাভ কৰিব , তাৰ পৰাই তেল ক্ৰয় কৰিব ।

দেওবাৰে মস্কোত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা জনাইছিল যে বাণিজ্য বাণিজ্য হিচাপেই অব্যাহত থাকিব। ভাৰতে দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি য’তেই সৰ্বোত্তম দাম পাব তাতেই তেল ক্ৰয় কৰিব।

বিনয়ে কয়,”আমেৰিকাৰ এই সিদ্ধান্ত কেৱল অন্যায়ই নহয়, অযুক্তিকৰও। “ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ এই সিদ্ধান্ত বাণিজ্য নীতিৰ উলংঘা বুলিও দাবী কৰে।

Exit mobile version