Uttar Pradesh:✒️দেওবাৰে গভীৰ নিশা উত্তৰ প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত কমেও আঠ গৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ বিপৰীতে ৪৩ জন আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, বুলন্দশ্বহৰত এখন ট্ৰাকে তীৰ্থযাত্ৰী ভৰ্তি এখন ট্ৰেক্টৰত খুন্দা মাৰে। আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত দুটা শিশুও আছে।
আহতসকলৰ ভিতৰত কমেও ১২ জন নাবালক। সংঘৰ্ষৰ পাছতে চালকজনে পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে।
বুলন্দশ্বৰ আৰু আলিগড়ৰ সীমান্তৰ অৰ্ণিয়া বাইপাছত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
বুলণ্ডশ্বহৰৰ এছ এছ পি দীনেশ কুমাৰ সিঙে জানিবলৈ দিয়া মতে, এখন ট্ৰাকে পিছফালৰ পৰা তীৰ্থযাত্ৰী ভৰ্তি ট্ৰেক্টৰ এখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ পাছতে অঞ্চলটোত ৰাইজে আৰক্ষীক খবৰ দিয়ে।
আহতসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত ১০ জন লোকক ঘৰলৈ যাবলৈ দিয়া হয়। বাকীকেইজন আলিগড় চিকিৎসা মহাবিদ্যালয়, বুলন্দশহৰ জিলা চিকিৎসালয় আৰু খুৰ্জা কৈলাশ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
এছ এছ পি সিঙে জনোৱা মতে, আহতসকলৰ তিনিজন ভেণ্টিলেটৰত আছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰশাসনৰ হৈ জিলা দণ্ডাধীশ, এছ এছ পি আৰু অন্যান্য বিষয়াই চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰে।






























