Journalist:✒️ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰৰ অভিযোগত উত্তৰপ্ৰদেশৰ বলৰামপুৰ জিলাত গ্ৰেপ্তাৰ কৰা হৈছে এজন সাংবাদিক । ধৃত সাংবাদিকজন হৈছে দিবাকৰ কসোদা।
আৰক্ষীৰ তথ্য অনুসৰি, জিলা চিকিৎসা বিভাগ সম্পৰ্কীয় কিছু অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত একাধিক প্ৰতিবেদন প্ৰকাশ কৰিছিল সাংবাদিকজনে।
অভিযোগ কৰা হৈছে যে প্ৰকাশিত তথ্যসমূহ ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ আছিল, যাৰ ফলত সংশ্লিষ্ট বিষয়াসকলৰ সুনাম ক্ষুণ্ণ হৈছে।
এই সন্দৰ্ভত চিকিৎসা বিভাগৰ এজন বিষয়াই থানাত লিখিত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। পৰৱৰ্তী সময়ত সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
ইফালে, সাংবাদিকজনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰি কয় যে তেওঁ জিলা স্বাস্থ্য বিভাগত সংঘটিত সম্ভাৱ্য অনিয়ম সন্দৰ্ভত অনুসন্ধানমূলক প্ৰতিবেদন প্ৰস্তুত কৰি আছিল। তেওঁলোকৰ দাবী, এই গ্ৰেপ্তাৰ প্ৰতিহিংসামূলক।
ঘটনাটোক কেন্দ্ৰ কৰি সংবাদ স্বাধীনতা আৰু দায়িত্বশীল সাংবাদিকতাৰ বিষয় পুনৰ আলোচনালৈ আহিছে। আৰক্ষীয়ে কয়, গোচৰটোৰ তদন্ত অব্যাহত আছে।






























