Health:✒️বহুতৰে ধাৰণা যে ভাৰতীয়সকলে নিতৌ গ্ৰহণ কৰা খাদ্য স্বাস্থ্যহানিকাৰক নহয়, কিন্তু কেতবোৰ খাদ্যই উপলব্ধি কৰাতকৈ অধিক হানি কৰে স্বাস্থ্যৰ। পৰিপুষ্টিবিদ সুমন আগৰৱালৰ মতে, ভাৰতীয়সকলে নিত্য-নৈমত্তিকভাৱে গ্ৰহণ কৰা পাঁচবিধ খাদ্যই স্বাস্থ্যৰ প্ৰচুৰ ক্ষতিসাধন কৰে।
দৰাচলতে এই পাঁচবিধ খাদ্যক মুখৰোচক খাদ্যৰূপে আখ্যা দিব পাৰি। পৰিপুষ্টিবিদ আগৰৱালৰ মতে এই পাঁচবিধ খাদ্য হৈছে পাপৰ, ভুজিয়া, চিংৰা, জেলেপি আৰু চুপাৰি (তামোল-পাণ)। এই পাঁচবিধ খাদ্যৰ ভিতৰত পাপৰ স্বাস্থ্যৰ বাবে সবাতোকৈ ক্ষতিকাৰক বুলি আখ্যা দিছে পৰিপুষ্টিবিদগৰাকীয়ে।
ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে পাপৰত প্ৰচুৰ পৰিমাণত ছডিয়াম আৰু ছ’ডাৰ নিচিনা এবিধ দ্রব্য থাকে। তদুপৰি পাপৰত প্ৰচুৰ পৰিমাণে চর্বিও থাকে। এইসমূহে স্বাস্থ্যৰ বাবে প্রয়োজনীয় কার্য সম্পাদন কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে এইসমূহৰ পৰিপুষ্টিগত মূল্য অতি কম বুলি তেওঁ কয়।
ইয়াৰ সমান্তৰালভাৱে আর্দ্র অঞ্চলত পাপৰ হজম কৰাটোও কঠিন। স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি চিনাক্ত কৰা ভুজিয়াও ত্যাগ কৰিবলৈ পৰিপুষ্টিবিদগৰাকীয়ে আহ্বান জনাইছে। একেই কথা খাটে চিংৰাৰ ক্ষেত্ৰতো। একেদৰে জেলেপিও কোনো লোকৰ বাবে উপকাৰী নহয় বুলি পৰিপুষ্টিবিদগৰাকীয়ে মতপোষণ কৰিছে।
তেওঁৰ বাবেও জেলেপি প্রিয় হ’লেও এই সুমিষ্ট খাদ্যবিধ সকলোৰে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি তেওঁ মতপোষণ কৰিছে। আনহাতে, ভাৰতীয়সকলে নিয়মিতভাৱে গ্ৰহণ কৰা চুপাৰি বা তামোল-পাণো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি পৰিপুষ্টিবিদ আগৰৱালে চিহ্নিত কৰিছে।
তেওঁৰ মতে চুপাৰি বা তামোল-পাণ নিয়মিতভাবে খালে শৰীৰত আইৰণৰ পৰিমাণ হ্রাস পায়। আনকি চুপাৰি বা তামোল-পাণ খোৱাৰ ফলত হ্রাস পোৱা আইৰণৰ ঘাটি পূৰণ কৰাটো সহজ নহয় বুলি তেওঁ মন্তব্য কৰিছে।
এই পাঁচবিধ খাদ্য সম্পর্কত পৰিপুষ্টিবিদগৰাকীয়ে লগতে কয়, ‘মই ভাবো যে এই পাঁচবিধ খাদ্য প্রতিজন ভাৰতীয় লোকে বর্জন কৰা উচিত।’






























