Jammu and Kashmir:✒️জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ পাছত এইবাৰ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডোডা। ডাৱৰ বিস্ফোৰণ আৰু আকস্মিক বানে উটুৱাই লৈ যায় কেবাটাও ঘৰ।
এই দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক নিৰুদ্দেশ হৈছে।শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কথুৱা, ডোডা, জম্মু, চাম্বা, ৰামবান আৰু কিষ্টৱাৰ জিলাৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
ইয়াৰ পাছতে সম্প্ৰতি ডোডাত ডাৱৰ বিস্ফোৰণ হয়। ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টি হয় আকস্মিক বান।
যাৰ বাবে অঞ্চলটোৰ ১০টা ঘৰ উটুৱাই লৈ যায়। প্ৰশাসনৰ তথ্য অনুসৰি দুৰ্ঘটনাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হয়।
প্ৰশাসনে দাবী কৰিছে যে তাৱী নদীৰ পানী বিপদজনকভাৱে বৃদ্ধি পাইছে।
পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে ভূমিস্খলনৰ আশংকাত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। ডোডা জিলাৰ গুৰুত্বপূৰ্ণ পথসমূহ কাৰ্যতঃ ধ্বংস হৈছে।
নদীখনৰ জলপৃষ্ঠই বিপদৰ সীমা অতিক্ৰম কৰিছে।ৰাতিটো বৰষুণ হ’লে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
এই বিপদৰ পৰা হাত সাৰিবলৈ জম্মু-কাশ্মীৰ প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰিছে। ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা সাধাৰণ জনতাক উলিয়াই আনিছে।
ডোডাৰ উপৰি কথুৱা জিলাত বিগত ২৪ ঘণ্টাত ১৫৫.৬ মিলিমিটাৰ বৰষুণ হোৱাত পৰিস্থিতি সংকটজনক। ডোডাৰ ভাদেৰৱা অঞ্চলত ৯৯.৮ মিলিমিটাৰ আৰু জম্মুত ৮১.৫ মিলিমিটাৰ।
