Narendra Modi:✒️প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাৰ সম্পৰ্কত দীর্ঘদিন ধৰি তেওঁৰ সমালোচক মহলে সন্দেহৰ প্ৰশ্ন উত্থাপন কৰি আহিছে। মোদীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ৰাজহুৱা কৰিবলৈও দাবী উত্থাপন হৈ আহিছে।
কেন্দ্রীয় তথ্য আয়োগ (চিআইচি)-এ প্রধানমন্ত্রী মোদীৰ স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰকাশ কৰিবলৈ দিল্লী বিশ্ববিদ্যালয়ক পূর্বে প্রদান কৰা নিৰ্দেশ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ খাৰিজ কৰে।
ন্যায়ালয়ে কয় যে প্রধানমন্ত্রী মোদীৰ স্নাতক ডিগ্ৰী সম্পৰ্কীয় তথ্য ৰাজহুৱা কৰিবলৈ বাধ্য নহয় দিল্লী বিশ্ববিদ্যালয়। মুখ্য তথ্য আয়ুক্তই প্রধানমন্ত্রী মোদীৰ স্নাতক ডিগ্রী সম্পর্কীয় তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল দিল্লী বিশ্ববিদ্যালয় (ডিইউ) ক।
ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠে কালি ৰায়দানত কয় যে এই ডিগ্ৰী ৰাজহুৱা কৰাৰ প্ৰয়োজন নাই।শুনানিকালত দাখিল কৰা শপতনামা অনুসৰি, ১৯৭৮ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্রধানমন্ত্রী মোদীয়ে স্নাতক ডিগ্রী লাভ কৰিছিল।
উল্লেখ্য যে আৰটিআই কর্মী নীৰজ কুমাৰে ১৯৭৮ত বিএ পৰীক্ষা দিয়া সকলো শিক্ষাৰ্থীৰ ৰোল নম্বৰ, নাম, প্ৰাপ্ত নম্বৰ আৰু পৰীক্ষাত উত্তীর্ণ অথবা অনুত্তীর্ণ হোৱা সম্পর্কীয় সকলো তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰিছিল।
দিল্লী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় ৰাজহুৱা তথ্য বিষয়াই ইয়াক তৃতীয় পক্ষৰ তথ্য আখ্যা দি ৰাজহুৱা কৰিবলৈ অমান্তি হয়। তেতিয়া আৰটিআই কর্মীজনে চিআইচিৰ ওচৰত আবেদন দাখিল কৰে। ২০১৬ত চিআইচিয়ে এক নির্দেশত কয় যে এইসমূহ তথ্য ৰাজহুৱা কৰাত কোনো বাধা নাই।
দিল্লী বিশ্ববিদ্যালয়ক ২০১৬তে শিক্ষাগত অৰ্হতাৰ নথিসমূহ ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্রত যুক্তি দর্শায় যে প্ৰধানমন্ত্ৰীৰ দৰে জনপ্রতিনিধিৰ শিক্ষাগত অৰ্হতাৰ নথি জনচক্ষুলৈ অহা উচিত। এই নির্দেশৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়লৈ যায় বিশ্ববিদ্যালয় কর্তৃপক্ষ।
কেন্দ্ৰৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত প্রশ্ন কৰে যে তথ্য ৰাজহুৱা কৰিলে হেজাৰ হেজাৰ পঢ়ুৱৈৰ গোপনীয়তাৰ অধিকাৰ উলংঘন কৰা হ’ব। একে সময়তে তেওঁ কয় যে এই নথিসমূহ আদালতক অর্পণ কৰিবলৈ বিশ্ববিদ্যালয় প্রস্তুত; কিন্তু জনপ্রিয়তা অৰ্জনৰ বাবে ৰাজনৈতিক কাৰণত যিসকলে ইয়াক হস্তগত কৰিব বিচাৰিছে তেওঁলোকৰ বাবে তথ্য ৰাজহুৱা কৰাটো উচিত নহ’ব।
ইয়াৰ প্ৰত্যুত্তৰত তথ্যৰ অধিকাৰক লৈ কাম কৰি থকাসকলে যুক্তি দর্শায় যে আৰটিআই আইনত আবেদনকাৰীৰ পৰিচয় আৰু উদ্দেশ্য বিবেচনা কৰাৰ কথা কোৱা হোৱা নাই। তেওঁলোকে এই যুক্তিও প্ৰদৰ্শন কৰে যে চৰকাৰে শিক্ষাগত ডিগ্রী প্রদান কৰে, সেয়েহে ই কোনো ব্যক্তিগত বিষয় হ’ব নোৱাৰে।
উল্লেখ্য যে বিগত প্রায় এক দশক ধৰি প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অর্হতাক লৈ চর্চা-বিতৰ্ক আৰু গোচৰৰ পাছত যোৱা ২৭ফেব্ৰুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখিছিল। কালি ন্যায়ালয়ে কয় যে শিক্ষাগত অৰ্হতাৰ নথি ৰাজহুৱা কৰিবলৈ বাধ্য নহয় দিল্লী বিশ্ববিদ্যালয়।
