Global South:✒️অহা সপ্তাহত চীনত অনুষ্ঠিত হ’ব এছ চি অ’ শীৰ্ষ সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আদৰণি জনাব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে।
সৰ্বমুঠ বিশজনতকৈও অধিক বিশ্ব নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰিব। নিশ্চিত ভাৱে গ্ল’বেল চাউথৰ উত্থানৰ এই ছবিখন লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অস্বস্তিত পৰিব।
অহা ৩১ আগষ্টৰ পৰা এক ছেপ্টেম্বৰলৈ চলিব এই সন্মিলন।লক্ষনীয় যে ২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত মোদীয়ে প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিব।
এখন মঞ্চত পুটিন-জিনপিং আৰু মোডীৰ সহাৱস্থান কূটনৈতিকভাৱে স্থায়ী বুলি অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত মোডী আৰু পুটিনকো একেখন মঞ্চতে দেখা গৈছিল।
ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পৰাই পশ্চিমীয়া নেতাসকলে পুটিনক পত্ৰ দিয়াৰ বিপৰীতে ভাৰতে নিজৰ “বন্ধু” ক এৰি দিয়া নাই। যোৱা সপ্তাহত নতুন দিল্লীত ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে শীঘ্ৰে ৰাছিয়াই ভাৰত আৰু চীনৰ স’তে ত্ৰিপাক্ষিক বৈঠকত মিলিত হ’ব।
মন কৰিবলগীয়া যে বেইজিঙে বাৰে বাৰে ভাৰত আৰু চীনক আমেৰিকাৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ একত্ৰিত হ’বলৈ আহ্বান জনাই আহিছে।






























