Amit Shah:✒️বিৰোধী ‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদর্শন ৰেড্ডীৰ সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ আক্ৰমণাত্মক মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে বহু সংখ্যক অৱসৰপ্ৰাপ্ত ন্যায়াধীশে।
শ্বাহৰ মন্তব্যই ন্যায়পালিকাৰ স্বাধীনতাৰ ভেটি কম্পিত কৰি তোলা বুলি অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে কঠোৰ সমালোচনা কৰি ছালৱা জুডুম গোচৰৰ ৰায়দান সন্দৰ্ভত বেড্ডীৰ বিৰুদ্ধে কৰা মন্তব্যক দুর্ভাগ্যজনক আখ্যা দিয়ে।
১৮জনীয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দলটোত আছে উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ কুৰিয়েন যোছেফ, মদন বি ল’কুৰ আৰু জে চেলামেশ্বৰ আদি। তেওঁলোকে এক বিবৃতিত কয় যে সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ শীর্ষ ৰাজনৈতিক ব্যক্তিৰ এনে ক্ষতিকাৰক অপব্যাখ্যা ন্যায়াধীশসকলৰ মনত ভীতিগ্রস্ততাৰ সঞ্চাৰ কৰিব।
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰেড্ডীয়ে মাওবাদক সমর্থন কৰা বুলি গৃহমন্ত্রী শ্বাহে অভিযোগ কৰিছে। তেওঁ দাবী কৰিছে যে ছালৱা জুডুম গোচৰৰ ৰায়দান অবিহনে বাও সন্ত্রাসবাদৰ ২০২০তে অন্ত পৰিলেহেঁতেন।
১৮জন প্রাক্তন ন্যায়াধীশৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিত এইদৰে কোৱা হৈছে, ‘ছালৱা জুডুম গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক ৰাজহুৱাভাৱে ভুল ব্যাখ্যা কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰদান কৰা বিবৃতি দুর্ভাগ্যজনক। এই ৰায়দানে প্রত্যক্ষ অথবা পৰোক্ষভাৱে কোনোমতেই ক’তো নক্সালবাদ অথবা ইয়াৰ মতাদৰ্শক সমর্থন কৰা নাই।’
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়ক, অভয় অ’কা, গোপালা গৌড়া, বিক্রমজিৎ সেন, কুৰিয়েন যোছেফ, মদন বি ল’কুৰ আৰু জে চেলামেশ্বৰেও এই বিবৃতিত স্বাক্ষৰ কৰিছে।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে কয়, ‘ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ বাবে প্ৰচাৰ অভিযান মতাদর্শজনিত হ’ব পাৰে, কিন্তু ইয়াক মর্যাদা সহকাৰে আৰু বিনম্ৰতাৰে কৰিব পাৰি। দুই প্ৰাৰ্থীৰে তথাকথিত মতাদর্শক সমালোচনা পৰিহাৰ কৰা উচিত।’ ন্যায়াধীশসকলে কয় যে এইদৰে উচ্চস্তৰীয় ৰাজনৈতিক ব্যক্তিত্বই কৰা উচ্চতম ন্যায়ালয়ৰ এটা ৰায়দানৰ হানিকাৰক অপব্যাখ্যাই সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ওপৰত শিহৰণকাৰী প্ৰভাৱ পেলাব পাৰে আৰু ই ন্যায়াপালিকাৰ স্বতন্ত্ৰতাত জোঁকাৰণি তুলিছে। দেশৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰতি সম্মান প্রদৰ্শন কৰি মানহানিকৰ শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাটো যথার্থ হ’ব বুলি অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে কয়।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ সাতজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ উপৰি উচ্চ ন্যায়ালয়ৰ তিনিজন মুখ্য ন্যায়াধীশ গোবিন্দ মাথোৰ, এছ মুৰলীধৰ আৰু সঞ্জীৱ বেনাৰ্জীয়ে স্বাক্ষৰ কৰে।
যোৱা ২২ আগষ্টত কেৰালাত ভাষণ দি শ্বাহে কৈছিল যে সুদর্শন ৰেড্ডীয়ে নক্সালবাদক সহায় কৰিছিল। তেওঁ ছালৱা জুডুম ৰায়দান প্রদান কৰিছিল। ছালৱা জুডুম ৰায়দান প্রদান নকৰাহেঁতেন ২০২০তে নক্সাল সন্ত্রাসবাদৰ অন্ত পৰিলেহেঁতেন বুলি শ্বাহে কৈছিল। শ্বাহে কৈছিল যে ৰেড্ডী হৈছে সেইজন ব্যক্তি যিয়ে মতাদৰ্শৰ দ্বাৰা ছালৱা জুডুমৰ গোচৰৰ ৰায় দিছিল।
ইয়াৰ পাছত ৰেড্ডীয়ে যোৱা ২৩ আগষ্টত প্রতিক্রিয়া প্রকাশ কৰি কয় যে এই ৰায়দান তেওঁৰ নহয়, উচ্চতম ন্যায়ালয়ৰহে। গৃহমন্ত্রীয়ে হয়তো অযথা বিতৰ্ক কৰিব নোখোজে। তেওঁ এইদৰেও কয় যে শ্বাহে সম্পূৰ্ণ ৰায় পাঠ কৰাহেঁতেন এই মন্তব্য নিদিলেহেঁতেন।






























