Hyderabad:✒️হায়দৰাবাদত ড্ৰাগছ বিৰোধী বৃহৎ অভিযান। ৰেভ পাৰ্টিত অভিযান চলাই আৰক্ষীয়ে তিনি জন মাদকচক্ৰীসহ ছজন লোকক গ্ৰেপ্তাৰ কৰে। সোমবাৰে চাইবেৰাবাদ আৰক্ষী আৰু তেলেংগানা বিশেষ ড্ৰাগছ বিৰোধী দলে যৌথভাৱে হায়দৰাবাদৰ সমীপৰ কাণ্ডাপুৰত ৰেভ পাৰ্টিত অভিযান চলায়।
তাত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে তিনিজন আছিল ড্ৰাগছ আসক্ত। বাকীসকলৰ ভিতৰত আছিল এগৰাকী মহিলা আৰু এগৰাকী অভিযান্ত্ৰিক ছাত্ৰী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ ড্ৰাগছ।
সূত্ৰই জনোৱা মতে, ২০ গ্ৰাম কোকেইন, আঠটা ড্ৰাগছ টেবলেট আৰু তিনি গ্ৰাম এমডিএমএ পোৱা গৈছে।
এই ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত মাধাপুৰৰ ডিচিপি জি বিনীতে জনাইছে যে, ড্ৰাগছ ব্যৱসায়ৰ স’তে জড়িত দুজন লোক, এজন চোৰাংচোৱা আৰু তিনি জন ক্ৰেতা গ্ৰেপ্তাৰ কৰা হৈছে।
এই ড্ৰাগছ গেঙৰ মূল পাণ্ডা হিচাপে চিনাক্ত হৈছে তেজা নামৰ এজন ক্লাউড কিচেন ব্যৱসায়ীক।আন এগৰাকী হাঁহ-কুকুৰা পামৰ মালিক বিক্ৰমক ড্ৰাগছ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ড্ৰাগছ সৰবৰাহৰ সন্দেহত এজন ২০ বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰকো জিম্মাত লোৱা হৈছে।ইফালে বেংগালুৰু নিবাসী ৰাহুল নামৰ আন এজন সৰবৰাহকাৰী ইতিমধ্যে পলাতক হৈ আছে।






























