CM Meeting in Parbotjhora :
বিটিআৰৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ ইখনৰ পিচত সিখনকৈ সভাত অংশ লৈছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা । চলিত মাহত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা প্ৰচাৰাভিযানে মঙলবাৰে ভৰি দিলে ৩৫ সংখ্যক প্ৰচাৰ সভা ৷পৰ্বতঝোৰাৰ এখন প্ৰচাৰাভিযান সভাত অংশ লৈ কয়,২৪ খনৰো অধিক আসনৰো অধিক আসনত প্ৰাৰ্থীত্ব দিব বিজেপিয়ে ৷ ভবাতকৈও অধিক সহায় কৰিছে ৰাইজৰ। বিজেপি শাসনলৈ অহাৰ পিছতে VCDC নিৰ্বাচনৰ জৰিয়তে গঠন হ’ব বুলি উল্লেখ কৰি পুনৰ দোহাৰে I বিটিআৰত বিজেপিৰ চৰকাৰ হব। বিটিচিত চীফ হোৱা নোহোৱা ডাঙৰ কথা নহয়। বিটিচিত শান্তি বিচাৰো।
আনহাতে গুৱাহাটীত নাগৰিক সভাত অংশ লোৱা ছৈয়দা হামিদাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়, অজিত ভূঞাই মাতি আনিছিল ছৈয়দা হামিদাক। অজিত ভূঞাই ক্ষমা খুজিল নে নাই।
মিঞা মানুহে কয় আমি বাংলাদেশী নহয়। কিন্তু মিঞা মানুহ খিনিক বাংলাদেশী বনাই থৈ গল হামিদাই। হামিদাক মিঞা মানুহো বিৰোধীতা কৰিব লাগে।
অজিত ভূঞা, লুৰিন গগৈ, হীৰেন গোহাঁইহঁতৰ ঘোড়াঁ গাডীত যিয়ে উঠিব এক্সিডেন্ট হ’ব খাটাঙ। আনহাতে গৌৰৱ গগৈ হঁতৰ মিঞা প্ৰেম সৰ্বজনবিদিত ৷ ধুবুৰী , বিলাসীপাৰাৰ জনগাঁথনি সলনি হৈছে। ১৯৭১ চনৰ আগত অহা খিনিক অসমীয়াই আদৰি লৈছো। ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰা হৈছে। কোনো চৰত উচ্ছেদ হোৱা নাই। এজন এজন মানুহে ২০০/৩০০ বিঘা মাটি দখল কৰি ৰাখিছে। ইমান মোৰো নাই বুলি কয় মুখ্যমন্ত্ৰী। ধুবুৰীত কোনো উৎপাত নাই। অহা দুৰ্গাপূজাৰ সময়ত ধুবুৰীত শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ থাকিব।
মুখ্যমন্ত্ৰীয়ে সভাত ভাষণ দি কয়,এইবাৰ নিৰ্বাচনত ভালকৈ খেলিব লাগে বুলি ৰাইজৰ দাবী। বিটিআৰ ৰাইজে এইবাৰ বিজেপিক ভোট দিব। বনেন্দ্ৰ কুমাৰ মুছাহাৰী হব ১ নং পৰ্বতঝোৰাৰ সমষ্টিৰ প্ৰাৰ্থী।
ধুবুৰী, বিলাসীপাৰা, নলবাৰী, বৰপেটাত অৰুনোদয় আচনি পায়, মহিলা উদ্যমিতা আচনি পায়। সকলো সা সুবিধা পায়।কিন্তু বিটিআৰত VCDC ৰ বাবে একো নাপায়। ঘৰ দিয়াৰ নামতো টকা লয়। VCDC যেতিয়ালৈকে চলি থাকিব , তেতিয়ালৈকে বিটিচিৰ ৰাইজে একো নাপায় খাটাঙ। এইবাৰ বিজেপিৰ চৰকাৰ বনাই দিয়ক, আমি VCDC নাইকীয়া কৰি দিম।
দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হলে সকলো উন্নয়ন হব। বিটিচিত উন্নয়ন কৰিব বিচাৰিলে এন্ধুৰ বোৰৰ কাৰণে উন্নয়ন কৰিব নোৱাৰি কাৰণ খালী বস্তা কাটে, সেয়ে এইবাৰ
সকলো এন্ধুৰ বস্তাত ভৰাই গুৱাহাটীত লৈ যাম।
বিজেপিয়ে যি কয় তাকে কৰি দেখুৱায় দেবীতোলাত ১০০ খন বিচনাযুক্ত চিকিৎসালয় হব।মদাতীৰ পৰা আমবাৰী লৈ PWD ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়া হ’ব ৷ একেদৰে কালিচৰণ ব্ৰহ্ম অডিটৰিয়াম হল লাগে। পৰ্বতঝোৰাত নবোদয় বিদ্যালয় হ’ব বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷
ADVERTISEMENT






























