Three Bangladeshi Citizens arrested in West Garo Hills:
মেঘালয় – বাংলাদেশ সীমান্তৰ উন্মুক্ত হৈ থকাৰ সূযোগ গ্ৰহণ কৰি প্ৰায়ে প্ৰায়ে বাংলাদেশী নাগৰিক অবৈধভাৱে সীমা অতিক্ৰম কৰি থকা ঘটনা চেগাচোৰোকাকৈ সংঘটিত হৈ থকাৰ মাজতে মেঘালয়ৰ আৰক্ষীৰ জালত তিনি বাংলাদেশী নাগৰিক ৷
ADVERTISEMENT
পশ্চিম গাৰোপাহাৰ জিলাৰ খেৰাপাৰাৰ এম এল-০৮ডি-৮৩৮৭ নম্বৰৰ এখন যাত্ৰীবাহী বাছত পশ্চিম গাৰোপাহাৰ আৰক্ষীয়ে তালাচী চলাই তিনি অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় ৷ধৃত বাংলাদেশী কেই গৰাকী হ’ল আলী আকবৰ, আফি শিকদাৰ আৰু চুমীৰাণী দাস ৷ তেওঁলোকৰ পৰা বাংলাদেশী পাৰ্চপৰ্ট সহ বাংলাদেশৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে , ধৃত বাংলাদেশী নাগৰিকৰ কেইজনক হাতত নাছিল ভাৰতত প্ৰৱেশৰ বৈধ ভিছা ৷






























