World Tallest Ganesh Statue:
ভাৰত হৈছে বৈচিত্র্যময় সংস্কৃতি, ভাষা আৰু ঐতিহ্যৰ দেশ; প্রতিখন ৰাজ্যৰ নিজস্ব অনন্য ইতিহাস, ৰন্ধনপ্রণালী আৰু উৎসৱ আছে। ভাৰতৰ মানুহে বিভিন্ন দেৱতাক পূজা কৰে, যাৰ ভিতৰত অন্যতম হৈথে গণেশ দেৱতা। অহা বুধবাৰে সমগ্ৰ দেশত পালন কৰা হ’ব গণেশ চতুর্থী। আমাৰ দেশত অসংখ্য গণেশ মন্দিৰ আছে। লগতে আছে অসংখ্য গণেশ মূর্তি। অথচ বিশ্বৰ সবাতোকৈ উচ্চ গণেশ মূর্তিটো ক’ত আছে জানেনে? আচৰিত হ’লেও সত্য যে বিশ্বৰ সবাতোকৈ ওখ গণেশ মূতিটো কিন্তু ভাৰতত নাই। বিশ্বৰ সবাতোকৈ ওখ গণেশ মূৰ্তিটো আছে থাইলেণ্ডৰ চাচোয়েংছাও প্রদেশত, যাৰ উচ্চতা ৩৯ মিটাৰ। এই ব্ৰঞ্জৰ মূৰ্তিটো দেশখনৰ এক গুৰুত্বপূৰ্ণ তীর্থস্থান আৰু পৰ্যটন ক্ষেত্র।
ভগৱান গণেশক বিঘিনি বিনাশক তথা জ্ঞানৰ দেৱতাৰূপে পূজা কৰা হয়। ব্রাহ্মণ্যবাদৰ সময়ৰ পৰাই থাইলেণ্ডত গণেশক শ্ৰদ্ধাৰ ইতিহাস আছে। জ্ঞান, সাফল্য আৰু সুৰক্ষাৰ প্ৰতীকৰূপে থাই সংস্কৃতিত গণেশৰ নিজস্ব অনন্য উপস্থিতি আছে। খলং খুয়ান গণেশ আন্তর্জাতিক উদ্যানত স্থাপিত ৩৯ মিটাৰ উচ্চতাৰ গণেশ মূর্তিটো চাৰি বছৰ নিৰ্মাণৰ পাছত ২০১২ত চূড়ান্ত কৰা হৈছিল। ৮৫৪টা ব্ৰঞ্জৰ টুকুৰাৰে নিৰ্মিত এই মূৰ্তিটো ৪০ হেজাৰ বৰ্গমিটাৰ জুৰি বিস্তৃত। এই মূৰ্তি বাং পাকং নদীৰ ওপৰত বিশালভারে থিয় দি আছে, যিটো ৰাস্তা আৰু পানী উভয় পথৰেই ভ্রমণকাৰীৰ বাবে দৃশ্যমান। এই মূৰ্তিৰ আকাৰে ইয়াক চাচোয়েংছাও অঞ্চলত ভ্রমণকাৰী তীর্থযাত্ৰী আৰু পৰ্যটকসকলৰ বাবে এক আকর্ষণীয় কৰি তুলিছে।
মূৰ্তিটোৰ স্ৰষ্ট পিটাক চালাউমালাওৱে জনাইছে যে বিশালাকাৰ গণেশ মূর্তিটো থাইলেণ্ডৰ সমৃদ্ধিৰ স’তে সম্পর্কিত। এই দেৱতাৰ চাৰিখন হাত। চাৰিখন হাতত আছে চকু, কঁঠাল, কল আৰু আম, যি বৃদ্ধি আৰু আশীর্বাদক মূৰ্ত কৰি তোলে। তেওঁৰ অগ্ৰসৰ পদক্ষেপ জাতিৰ আগুৱাই যোৱাৰ প্ৰতীক অৰু পদ্মৰ মুকুট জ্ঞানৰ প্ৰতীক।
আনহাতে,শীর্ষত থকা ‘ওঁ’ প্রতীকে আমাৰ ৰক্ষাকৰ্তাৰূপে তেওঁৰ অৱস্থানৰ কথা মনত পেলাই দিয়ে বুলিও চলাউমালাওৱে কয়। উল্লেখ্য যে থাইলেণ্ডত মানুহে তেওঁলোকৰ ঘৰত, শিক্ষানুষ্ঠানত তথা কেতিয়াবা কেতিয়াবা নিজৰ অফিচতো গণেশৰ মূর্তি বা ফটো ৰাখে। সৌভাগ্যৰ বাবে গণেশৰ আশীৰ্বাদ কামনা কৰে। সেই দেশজুৰি অনুষ্ঠিত গণেশ উৎসৱ তথা আচাৰ-অনুষ্ঠানসমূহে থাই সংস্কৃতিত গণেশ কিমান গুৰুত্বপূৰ্ণ সেয়া দাঙি ধৰে।






























