আজিৰ পৰা প্ৰযোজ্য হ’ব ট্রাম্পৰ ৫০ শতাংশ শুল্ক, ৰপ্তানি বাণিজ্যত ভাৰতৰ বৃহৎ আঘাতৰ আশংকা

images 3 8

Donald Trump:✒️ভাৰতক অর্থনৈতিক ব্লেকমেইলিঙৰ অপচেষ্টা অব্যাহত ৰাখি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ঘোষণা কৰা ৫০ শতাংশ শুল্ক কাইলৈৰ পৰা বলবৎ হ’ব। ইয়াৰ লগে লগে দেশৰ ৰপ্তানি বাণিজ্যক লৈ গভীৰ সংশয়ৰ সৃষ্টি হৈছে।

একাংশ বিশেষজ্ঞৰ মতে ট্রাম্পৰ এই শুল্কই মার্কিন যুক্তৰাষ্ট্ৰলৈ ভাৰতীয় সামগ্ৰীৰ ৬০ শতাংশ ৰপ্তানিতে আঘাত হনাৰ আশংকা আছে। ‘গ্ল’বেল ট্রেড ৰিছাৰ্চ ইনিচিয়েটিভ’ (জিটিআৰআই) ৰ এক প্রতিবেদন অনুসৰি ট্রাম্পৰ এই বৃহৎ অংকৰ শুল্ক আৰোপে ভাৰতৰ ৰপ্তানি বাণিজ্যৰ কমেও ৪৫ হেজাৰ কোটি টকাৰ ক্ষতি কৰাৰ আশংকা আছে। এই ক্ষতি ঘাইকৈ বস্ত্র, মণি-মুকুতা আৰু আ-অলংকাৰ খণ্ড, মিছামাছ, দলিচা আৰু আচবাব ৰপ্তানিকাৰীসকলে সম্মুখীন হ’ব লাগিব বুলি জিটিআৰআয়ে আশংকা কৰিছে।

উল্লেখ্য যে শুল্ক বৃদ্ধিৰ ফলত এই ৰপ্তানিকৃত ভাৰতীয় সামগ্ৰীৰ মূল্য আমেৰিকা যুক্তৰাষ্ট্ৰত বহু পৰিমাণে বৃদ্ধি পাব। ফলত দেশখনৰ গ্ৰাহকসকলে ভাৰতীয় সামগ্ৰীৰ বিকল্প বিচাৰিবলৈ লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ সুযোগ চীন, মেক্সিকো আৰু ভিয়েটনামৰ ৰপ্তানিকাৰীসকলে ল’ব পাৰে।

এই তিনি দেশৰ ওপৰত ভাৰততকৈ কম শুল্ক আৰোপ কৰিছে ট্রাম্পে। আশংকা কৰা হৈছে যে ট্রাম্পৰ এই শুল্ক আৰোপৰ ফলত দেশখনলৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি ৭০ শতাংশ পর্যন্ত হ্রাস পাব। এনে অবস্থাতে ভাৰতীয় সময় অনুসৰি আজি পুৱা ৯-৩১ বজাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপ হ’ব। ইয়াৰে ২৫ শতাংশ ইতিমধ্যে আৰোপ হৈ আছে।

মূলতঃ ৰাছিয়াৰ পৰা ভাৰতৰ খাৰুৱা তেল ক্রয় বন্ধ কৰিবলৈ ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰি আছে। এনেদৰে একপ্ৰকাৰ ভাৰতক ব্লেকমেইল কৰি আহিছে মার্কিন ৰাষ্ট্ৰপতিয়ে। অৱশ্যে ট্রাম্পৰ ওচৰত সেও নহৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বদেশী বস্তু অধিক ক্ৰয় কৰিবলৈ দেশবাসীক আহ্বান জনাইছে।

তদুপৰি ভাৰতে প্ৰযুক্তিৰ আত্মাস্বৰূপ অর্ধ পৰিবাহক (ছেমি কনডাক্টব) উৎপাদনতো গুৰুত্ব আৰোপ কৰিবলৈ লৈছে। কেবল সেয়াই নহয়, শেহতীয়াভাবে মোদী চৰকাৰে ভূগর্ভস্থ বিৰল ধাতু (ৰেয়াৰ আৰ্থ মেটেল) খননতো গুৰুত্ব আৰোপ কৰিছে। এনে ধাতু বিমান তৈয়াৰৰ পৰা আৰম্ভ কৰি ম’বাইল ফোন উৎপাদনলৈকে ব্যৱহাৰ কৰা হয়।

সম্প্ৰতি গুজৰাটৰ আহমেদাবাদত এখন সভাত মোদীয়ে কয়, ‘যিমানে চাপ নাহক কিয়, আমি সেয়া মোকাবিলা কৰাৰ বাবে শক্তি বৃদ্ধি কৰি যাম। আমি আত্মনিৰ্ভৰ ভাৰত সংকল্প লৈ থৈছো। সেই সংকল্পৰ পথৰে আমি বহুদূৰ আগবাঢ়িছো। দেশ শক্তিশালী হৈছে।’

ট্রাম্পে পূর্বে হুংকাৰ দিয়া অনুসৰি সোমবাৰে মার্কিন প্রশাসনে ভাৰতীয় সামগ্রীত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ হ’ব বুলি ঘোষণা কৰি এক জাননী জাৰি কৰে। এই জাননীত কোৱা হয়, ‘ৰাছিয়াৰ পৰা পৰোক্ষ অথবা প্রত্যক্ষভাৱে ভাৰতে তেল ক্ৰয় কৰি আছে। সেয়েহে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপৰ সিদ্ধান্ত ট্রাম্পে লৈছে। কার্যতঃ আমেৰিকাৰ এই দাবী নতুন নহয়। শেহতীয়াভারে ট্রাম্পে নিজে এই কথা সকীয়াই উল্লেখ কৰি আছিল। বুধবাৰৰ পৰা অতিৰিক্ত শুল্ক কাৰ্যকৰী হ’ব বুলিও ট্রাম্পে পূর্বে জনাইছিল।’

সন্মান প্ৰদৰ্শন কৰক বা পৰিণতি বিবেচনা কৰক: পুনৰ ট্ৰাম্পৰ ভাবুকি

বিশ্বৰ বিভিন্ন দেশে মার্কিন ডিজিটেল প্রযুক্তি প্রতিষ্ঠানসমূহৰ ওপৰত আৰোপ কৰি থোৱা শুল্ক হ্রাস কৰিবলৈ এইবাৰ হুংকাৰ দিলে ৰাষ্ট্ৰপতি ট্রাম্পে। ট্রাম্পে ভাবুকি দিছে মেটা, এমাজন আদি প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা শুল্ক হ্রাস কৰি সম্মান প্রদর্শন নকৰিলে পৰিণতি ভোগ কৰিব লাগিব।

নিজৰ সামাজিক মাধ্যম ‘ট্রুথ ছ’চিয়েল’ত তেওঁ কয়, ‘অতুলনীয় আমেৰিকান টেক কোম্পানী (প্রযুক্তি প্রতিষ্ঠান) সমূহক আক্রমণ কৰা দেশসমূহৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি থিয় দিব। ডিজিটেল কৰ, ডিজিটেল সেৱা আইন আৰু ডিজিটেল বজাৰ অধিনিয়ম হৈছে আমেৰিকান প্রযুক্তিৰ ক্ষতি বা এই সমূহৰ প্ৰতি বৈষম্য কৰিবলৈ প্ৰস্তুত কৰা হৈছে। সেই দেশসমূহে চীনৰ সৰ্ববৃহত্তম প্রযুক্তি প্রতিষ্ঠানসমূহক সম্পূর্ণ বেহাই দিছে। এয়া বন্ধ হ’বই লাগিব আৰু এতিয়াই বন্ধ হ’ব লাগিব।’

ট্রাম্পে লগতে ভাবুকি দিছে যে মার্কিন প্রযুক্তি প্রতিষ্ঠানসমূহত ডিজিটেল সেৱা কৰ আৰোপ কৰা দেশসমূহলৈ উচ্চ সুৰক্ষিত প্রযুক্তি আৰু চিপছৰ ৰপ্তানি বন্ধ কৰাৰ বাবে বুজন পৰিমাণৰ নতুন শুল্ক আৰোপ কৰিব।

এই সম্পৰ্কত তেওঁ আৰু কয়, ‘আমেৰিকা আৰু আমেৰিকান প্রযুক্তি কোম্পানীসমূহ আৰু বিশ্বত সহজে ধন উলিয়াব সুমুৱাব পৰা বেংক হৈ থকা নাই। আমেৰিকা আৰু আমাৰ মনোৰম প্ৰযুক্তি প্রতিষ্ঠানসমূহৰ প্রতি সম্মান প্ৰদৰ্শন কৰক বা পৰিণতিৰ কথা বিবেচনা কৰক।’

উল্লেখ্য যে মেটা, এমাজন আদিৰ দৰে মার্কিন প্রতিষ্ঠানৰ ওপৰত শুল্ক আৰোপ কৰি ৰখা বন্ধু দেশসমূহৰ ওপৰতো বিগত সময়ত ট্রাম্পে চাপ সৃষ্টি কৰি আহিছে। ইয়াৰ উদ্দেশ্য হৈছে যাতে এই দেশসমূহে মার্কিন প্রযুক্তি প্রতিষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা শুল্ক প্রত্যাহাৰ কৰে।

Exit mobile version