Rajasthan: কিছু সপ্তাহৰ পূর্বে ৰাজস্থানৰ জয়ছালমেৰৰ সমীপৰ এখন গাঁৱত উদ্ধাৰ হয় এক প্রাচীন জীৱাশ্ম। পৰীক্ষা– নিৰীক্ষাৰ অন্তত বিশেষজ্ঞসকলে জনাইছে যে এই জীৱাশ্ম ‘ফাইটোছ’ৰ’ জাতীয় প্ৰাণীৰ।
বিজ্ঞানীসকলৰ মতে, এই ধৰণৰ প্রাণীয়ে প্রাক্-ঐতিহাসিক যুগত আমাৰ পৃথিৱীত বিচৰণ কৰিছিল। কোৱা বাহুল্য যে এইটোৱেই হৈছে ভাৰতত উদ্ধাৰ হোৱা প্রাক্-ঐতিহাসিক যুগৰ প্ৰথম জীৱাশ্ম। এতিয়া প্রশ্ন হৈছে ‘ফাইটোছ’ৰ’ জাতীয় প্রাণী আচলতে কোনবোৰ?
বিশালদেহী ডায়নোছ’ৰবোৰেই হৈছে ‘ফাইটোছ’ৰ’ জাতীয় প্রাণী। একাংশ বিশেষজ্ঞই জনাইছে যে জয়ছালমেৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত অবস্থিত মেঘা গাঁৱত উদ্ধাৰ হোৱা জীৱাশ্মটো দুই মিটাৰ দীঘল। একাংশ স্থানীয় মানুহে মাটি খান্দি থাকোতে এই জীবাশ্মটো পায়। প্রাথমিকভাবে খবৰ দিয়া হয় জিলা প্রশাসন আৰু প্রত্নতত্ত্ব বিভাগক।
পাছত ভূতাত্ত্বিকৰ এটা দলে এই ধ্বংসাৱশেষবোৰক জুৰাছিক পাৰ্কৰ এটা ‘ফাইটোছ’ৰ’ৰ জীৱাশ্ম বুলি নিশ্চিত কৰে।
যোধপুৰৰ জয় নাৰায়ণ ব্যাস বিশ্ব বিদ্যালয়ৰ প্ৰবীণ জীবাশ্মবিদ ভিএছ পৰিহাৰে কয়, ‘ফাইটোছ’ৰ দেখিবলৈ প্ৰায় ঘৰিয়ালৰ দৰে।
কিছু সপ্তাহৰ পূৰ্বে ৰাজস্থানৰ জয়ছালমেৰৰ সমীপৰ এখন গাঁৱত উদ্ধাৰ হয় এক প্রাচীন জীবাশ্ম।
পৰীক্ষা-নিৰীক্ষাৰ অন্তত বিশেষজ্ঞসকলে জনাইছে যে এই জীৱাশ্ম ‘ফাইটোছ’ৰ’ জাতীয় প্ৰাণীৰ। বিজ্ঞানীসকলৰ মতে, এই ধৰণৰ প্রাণীয়ে প্রাক্-ঐতিহাসিক যুগত আমাৰ পৃথিৱীত বিচৰণ কৰিছিল।
কোৱা বাহুল্য যে এইটোৱেই হৈছে ভাৰতত উদ্ধাৰ হোৱা প্ৰাক্-ঐতিহাসিক যুগৰ প্ৰথম জীৱাশ্ম। উদ্ধাৰ হোৱা জীৱাশ্মটো ২০ কোটি বছৰৰ পুৰণি। তাক দেখিলে ধাৰণা হয়, মধ্যমীয়া আকাৰৰ ফাইটোছ’ৰ।
সি সম্ভৱতঃ লাখ লাখ বছৰৰ পূৰ্বে ইয়াত এখন নদীৰ পাৰত বাস কৰিছিল আৰু জীয়াই থকাৰ বাবে মাছ খাইছিল। ধাৰণা কৰা হৈছে যে ফাইটোছ’ৰবোৰ ২২৯ নিযুত বছৰৰ পূর্বে পৃথিবীত আছিল। ছল। ই জুৰাছিক যুগৰো হ’ব পাৰে।’
উল্লেখ্য যে ২০২৩ত বিহাৰ-মধ্যপ্রদেশ সীমান্তত এক প্ৰকাৰৰ ফাইটোছ’ৰ জীৱাশ্ম পোৱা গৈছিল। যদিও বিজ্ঞানীসকলে দাবী কৰিছে যে জয়ছালমেৰৰ জীৱাশাই ভাৰতৰ প্রথম সুনির্দিষ্ট তথা সু-সংৰক্ষিত আবিষ্কাৰ।






























