Donald Trump:✒️আমেৰিকাৰ টেক্সাছৰ ৰিপাব্লিকান নেত্রী ভেলেন্টিনা গ’মেজে সামাজিক মাধ্যম ‘এক্স’ত এক ভিডিঅ’ শ্বেয়াৰ কৰিলে। এই ভিডিঅ’ত গ’মেজে ইছলামৰ পৱিত্ৰ ধৰ্মগ্রন্থ কোৰানত অগ্নিসংযোগ কৰাৰ দৃশ্য আৱদ্ধ হৈছে।
ভাইৰেল হোৱা ভিডিঅ’ত ভেলেন্টিনাই কোৰানত ফায়াৰগানৰে অগ্নিসংযোগ কৰি এইদৰে কৈছিল, ‘মই টেক্সাছত ইছলামক সম্পূর্ণ শেষ কৰি দিম। হে ঈশ্বৰ, মোক সহায় কৰক। মুছলমানে খ্রীষ্ট দেশ দখল কৰিবলৈ বলাৎকাৰ আৰু হত্যা কৰিছে।’
টেক্সাছৰ ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী গ’মেজে জনসাধাৰণক তেওঁৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনাই পুনৰ ভিডিঅ’ত এইদৰে ক’লে, ‘মোক সংসদলৈ যোৱাত সহায় কৰক, যাতে ভৱিষ্যতে আপোনালোকে মুছলমানে দলিয়াই দিয়া শিলৰ আঘাতৰ সন্মুখীন হ’ব নালাগে।’
উল্লেখ্য যে গ’মেজে ২০২৬ত টেক্সাছত অনুষ্ঠিত হ’ব লগা ৩১ সংখ্যক কংগ্রেছনেল ডিষ্ট্ৰিকৰ নিৰ্বাচনত ৰিপাব্লিকান নেত্রী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। পূর্বেও গ’মেজে প্ৰৱাসী আৰু প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আপত্তিকৰ মন্তব্য কৰিছিল। গ’মেজে কোৰান জুলাই দিয়া ঘটনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
