AASU Pressmeet in Guwahati:
অসম চুক্তি ৰূপায়ণৰ দাবীত পুনৰ সৰব হ’ল সদৌ অসম ছাত্ৰ সন্থা ৷ বুধবাৰে মহানগৰীৰউজানবজাৰস্থিত শ্বহীদ ন্যাসত আছুৱে আহ্বান কৰা এক সংবাদমেলত সভাপতি উৎপল শৰ্মাই কয়,আছুৰ দীৰ্ঘদিনীয়া দাবী অসম চুক্তি ৰূপায়ণত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিলম্ব কৰাৰ বাবে আছুৱে এলানি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ সেই অনুসৰি ৪ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত ১১ ঘণ্টীয়া অনশন,২০ ছেপ্তেম্বৰত প্ৰতিখন আঞ্চলিকত মানৱ শৃংখল আৰু ২৩ ছেপ্তেম্বৰত প্ৰতি জিলাৰ সদৰত সন্ধিয়া জোঁৰ লৈ সমদল ৷
সংবাদমেলত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা ড: সমজ্জ্বল ভট্টাচাৰ্যই অসম চুক্তিৰ দফা সমূহ এটা এটাকৈ ৰূপায়ণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব ৷কিন্ত বিগত ৪০ টা বছৰে দিশপুৰ-দিল্লীৰ চৰকাৰে অসম চুক্তিৰ মুল দাবী অসম – বাংলাদেশ সীমান্তৰ ২৬৮ কিলোমিটাৰ এলেকা কিয় চীল নকৰা বিষয়টো অত্যন্ত উদ্বেগজনক। যাৰবাবে উন্মুক্ত সীমান্তৰে সংগোপনে জাকে জাকে বাংলাদেশী অসমত প্ৰৱেশ কৰি আহিছে ৷
একেদৰে কা’ৰ অধীনত হিন্দু বাংলাদেশক অসমত থিতাপি দিব বিচৰা কাৰ্য আছুৱে কোনো ক্ষেত্ৰত মানি নলয় ৷ বাংলাদেশী হিন্দুৱে হওক কিম্বা মুছলমানেই হওক কাকো অসমত থাকিব দিয়া নহ’ব ৷ আনহাতে এনআৰচিৰ সন্দৰ্ভত ড:ভট্টাচাৰ্যই কয় এনআৰচি সম্পূৰ্ণ শুদ্ধকৈ উন্নীত হ’ব লাগিব ৷
