Gaurav Gogoi:দলৰ শক্তি বৃদ্ধি নকৰি আসন বিচাৰিলে মিত্রতাত আউল লাগে: গৌৰৱ গগৈ

gaurav gogoi

Gaurav Gogoi:

গুৱাহাটীত সোমবাৰে অনুষ্ঠিত অসম সম্মিলিত মৰ্চা (অসম) ৰ বৈঠকে কংগ্রেছক হোঁহকা-পিছলা নীতি পৰিহাৰ কৰি বিৰোধীৰ ঐক্যজোঁটত আনুষ্ঠানিকভাবে যোগ দিবলৈ জনোবা আহ্বানক লৈ প্রতিক্রিয়া প্রকাশ কৰে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
যোৰহাটত কালি সাংবাদিকৰ আগত গগৈয়ে বিৰোধী শিবিৰৰ এই আহ্বান সম্পর্কত মতপোষণ কৰে যে বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত বিজেপি-বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে। বিষয়টো সম্পর্কত তেওঁ কয়, ‘মই যেতিয়া আছো মিত্রতা নিশ্চয় হ’ব; কিন্তু সেই মিত্রতা প্রকৃতার্থত মিত্রতা হ’ব লাগিব। আমাৰ দলবোৰৰ মাজত থকা সংঘাত দূৰ কৰিব লাগিব। বিৰোধী ঐক্য মঞ্চৰ দলবোৰৰ মাজত উচ্ছেদ, মাদানী, চৰকাৰৰ স্বেচ্ছাচাৰিতা আদিৰ ক্ষেত্ৰত উমৈহতীয়া মত হ’ব লাগিব।’
মিত্ৰতাৰ খাতিৰত কৰা মিত্ৰতাৰ অৰ্থ নাই বুলিও উল্লেখ কৰি লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গগৈয়ে কয়, ‘মিত্ৰতাৰ পূৰ্বে আমি ক্ষেত্রভিত্তিক অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। আমি সমগ্র ৰাজ্যতে সমীক্ষা চলাই আছো।’ দলৰ স্থিতি আৰু সম্ভাব্য প্রার্থীক লৈ এই সমীক্ষা চলা বুলি উল্লেখ কৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত দলৰ আওতাৰ বাহিৰৰ লোককো প্রার্থী দিয়াৰ সম্ভাৱনা তেওঁ ব্যক্ত কৰে। এই প্ৰসংগত তেওঁ আৰু কয়, ‘এনে বহু সমষ্টি আছে, য’ত আমাৰ উপযুক্ত প্রার্থী নাই, তেনে সমষ্টিত দলৰ বাহিৰৰ বা আন দলৰ পৰাও উপযুক্ত প্রার্থী আমি পাব পাৰো।’ এই পর্যন্ত জৰীপ চলি থকাৰ ইংগিত দি তেওঁ মিত্ৰতাৰ প্ৰতি আগ্ৰহী কোন দলৰ কিমান শক্তি আছে, কোন প্রার্থী হ’ব ইত্যাদি ক্ষেত্রতো দলে গুৰুত্ব দিয়া বুলি জনায়। প্রত্যেক দলে নিজৰ নিজৰ আধাৰ শক্তিশালী কৰিহে মিত্ৰতাত গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰি কোনো দলৰ নাম উল্লেখ নকৰি তেওঁ মাথোঁ কয় যে মিত্ৰতাৰ প্রতি আগ্রহী দলবোৰে নিজাববীয়াকৈ শক্তি বৃদ্ধি নকৰি কেৱল আসন বিচাৰিলে মিত্ৰতাত আউল লাগে।
এনেদৰে আওপকীয়াকৈ আন দলবোৰক নিজৰ নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিহে মিত্ৰতালৈ আগবাঢ়ি আহিবলৈ গগৈয়ে আহ্বান জনায়। এই প্রসংগত তেওঁ নিজৰ দলৰ স্থিতি শক্তিশালী কৰিবলৈ লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে এই মুহূৰ্তত তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰাত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। সমগ্র ৰাজ্যত দৈনিক পাঁচখনকৈ জিলাত ভাগে ভাগে দলৰ নেতাসকলৰ উদ্যোগত সভা-সমিতি অনুষ্ঠিত হৈ আছে। তৃণমূলত দলৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত ৰাজ্যত থকা ২৮,৮০০ বুথত ‘আমাৰ বুথ, আমাৰ দাবী’ ধ্বনি লৈ নিৰন্তৰ গতিত সাংগঠনিক কাম-কাজ চলি আছে বুলি সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
তেওঁ লগতে কয়, ‘বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আমাৰ দল শক্তিশালী হোৱাটো বিচাৰো। আমি আমাৰ নিজৰ ভেটি শক্তিশালী কৰি লোৱাত বর্তমানে গুৰুত্ব দিছো। মিত্ৰতাৰ প্ৰতি আগ্ৰহী ভালেকেইটা দল, আঞ্চলিক দল, তেওঁলোকে নিজৰ নিজৰ সিদ্ধান্ত জনোৱাত ইয়াতে সিদ্ধান্তল’ব পাৰে; কিন্তু আমি যিহেতু ৰাষ্ট্ৰীয় দল, সেয়েহে ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশনা মানিহে আমি সিদ্ধান্ত ল’ব পাৰো। বর্তমানে আমাৰ শীর্ষ নেতৃত্বই দিয়া নির্দেশ মতে আমি কাম কৰিব লাগিব, এতিয়া আমাক গ্রাউণ্ডত কাম কৰিবলৈ কৈছে। সেয়ে তৃণমূল (গ্রাউণ্ড) ত নিজৰ ভেটি গঢ়ি ল’ব লাগিব তাৰ পাছতহে মিত্ৰতাৰ প্ৰসংগ আহিব। দায়িত্ব যদি অলপ আগতে পালোহেঁতেন আৰু সুবিধা হ’লহেঁতেন। আমি ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ আঞ্চলিক দল।
তেওঁলোকে কৈ দিব পাৰে। মই অসম প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱা তিনি মাহ হৈছে। এই তিনি মাহত মই ৰাইজৰ যিমান মৰম-চেনেহ পাইছো, সেয়া বিৰোধী দল এটাৰ বাবে যথেষ্ট। আপোনালোকে মন কৰিব সামাজিক মাধ্যমত শাসকীয় দল বিজেপি আৰু আমাৰ দলৰ মাজত কোনো পার্থক্য নাই। সকলো শ্ৰেণীৰ মানুহে আমাক সমর্থন দি আছে।’ কেরল দুর্ভাগ্যজনকভারে একাংশ মহিলাই বিজেপিৰ আঁচনিৰ লোভত পৰি বিজেপিক সমর্থন দি আহিছে বুলি তেওঁ বক্রোক্তি কৰে।
ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপন কৰি কয়, ‘অসমৰ ৰাইজৰ বাবে দুর্ভাগ্য, এনেকুৱা এজন মুখ্যমন্ত্ৰী অসমৰ ৰাইজে পাইছে। যিজনে পত্নীৰ নামত মাটি লোৱা, আদানী-আম্বানীক মাটি দিয়াতে ব্যস্ত থকাই নহয়, চৰম মইমতালিৰে স্বেচ্ছাচাৰী শাসন চলাইছে, সেই স্বেচ্ছাচাৰী শাসনৰ ফল সাংবাদিকসকলেও ভুগিছে।’
আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘যোৰহাট-মাজুলী দলঙৰ কাম একেবাৰে হোৱা নাই। মই নিতীন গাডকাৰীক ক’ব লাগিব। ইয়াৰ পাছতে পূব অসমৰ ৰে’লৰ যোগাযোগ সম্প্ৰসাৰণৰ এক বিষয়ো কেন্দ্ৰীয় মন্ত্রীৰ লগত আলোচনা কৰাৰ কথা আছে। মোৰ দাবীৰ পৰিপ্ৰেক্ষিতত দিল্লী-যোৰহাটৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। যোৰহাটৰ সাংসদৰূপে সকলো কাম দায়িত্ব সহকাৰে পালন কৰিম।’
উল্লেখ্য যে ৰাজ্যৰ বিজেপি বিৰোধী ১৩টা ৰাজনৈতিক ঐক্য মঞ্চ অসম সম্মিলিত মঞ্চৰ এখন বৈঠক কালি গুৱাহাটীত অনুষ্ঠিত কৰি মূল বিৰোধী দল কংগ্ৰেছক ২০২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যত চামিল হ’বলৈ আহ্বান জনায়। প্রধান বিৰোধী দলটোৰ ৰাজ্যিক মুৰব্বীজনে সেই আহ্বানৰ প্ৰতি পোনপটীয়াকৈ সঁহাৰি জনাই যদিও আক্ষেপৰে কয়, ‘প্রকৃতার্থত মিত্রতা হোৱা হ’লে যোৱাবাৰেই ৰাজ্যত আমাৰ চৰকাৰ হ’লহেঁতেন।’ এই প্রসংগত তেওঁ যোৱাবাৰৰ মিত্ৰতাৰ তিতা অভিজ্ঞতা সুঁৱৰি কংগ্ৰেছ নেতাজনে এইবাৰ মিত্ৰতাৰ ক্ষেত্ৰত অতি সাৱধানতাৰে আগবঢ়াৰ ইংগিত দিয়ে I
#gauravgogogispeech #OppositionUnity
Exit mobile version