Guwahati:
মহানগৰীৰ এটিএম বুথত টকা উলিয়াবলৈ যাওঁতে হওক সাৱধান। আপোনাৰ অসাৱধানতাৰ সূযোগ লৈ এটিএম প্ৰৱঞ্চকে লুট কৰি নিব পাৰে টকা ৷ কিয়নো মহানগৰীৰ য’তে ত’তে পিয়াপি দি ফুৰিছে এটিএম প্রৱঞ্চক ৷
গুৱাহাটী আৰক্ষীয়ে এটিএম প্রৱঞ্চকৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে আৰক্ষীৰ জালত পৰিল কুখ্যাত এটিএম প্রৱঞ্চক ৷ পাঞ্জাৱাৰীৰ এটা এটিএম বুথৰ ভিতৰৰ পৰা আৰক্ষীয়ে আটক কৰে ম’ষ্টৱান্টেড জান্নাতুল হক নামৰ এটিএম প্রৱঞ্চকটোক ।
উল্লেখ্য যে , এজন বয়োজ্যেষ্ঠ লোকৰ এটিএম কাৰ্ড অতি কৌশলৰে সলনি কৰিব বিচাৰোতেই আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে জান্নাতুল হক নামৰ এটিএম প্রৱঞ্চকটোক i আৰক্ষীয়ে প্ৰৱঞ্চকটোৰ পৰা জব্দ কৰে সাত খন ভুৱা এটিএম কাৰ্ড ।
ADVERTISEMENT






























