ভিক্ষা নিষেধাজ্ঞাৰ আইন প্ৰণয়নৰ পথত মিজোৰাম! বিৰোধীৰ আপত্তি সত্ত্বেও বিধেয়ক গৃহীত

1756376906 bagger

Begging:এইবাৰ ভিক্ষা নিষেধাজ্ঞাৰ আইন প্ৰণয়ন কৰিবলৈ আগ্ৰহী মিজোৰাম চৰকাৰ। বিৰোধী শিবিৰৰ আপত্তি সত্ত্বেও বুধবাৰে উত্তৰ-পূব ৰাজ্যখনৰ বিধানসভাত মিজোৰাম ভিক্ষা নিষেধাজ্ঞা বিধেয়ক ২০২৫ গৃহীত হয়।

ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী লালৰিণপুইৰ দাবী, এই বিধেয়কখন কেৱল ভিক্ষা নিষিদ্ধ কৰাৰ লক্ষ্যৰে নহয়। ইয়াৰ উপৰিও ভিক্ষাৰীসকলক পুনৰ সংস্থাপন আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত সহায় কৰা।

সমাজ কল্যাণ মন্ত্ৰীগৰাকীৰ মতে, সামাজিক আন্তঃগাঁথনি, গীৰ্জা, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সন্মিলিত প্ৰচেষ্টাৰ বাবে মিজোৰামত ভিক্ষাৰীৰ সংখ্যা অতি কম।

অৱশ্যে শেহতীয়াকৈ বৃদ্ধি পোৱা ভিক্ষাৰীক লৈ উদ্বেগ বৃদ্ধি পাইছে।শেহতীয়াকৈ মিজোৰাম সমাজ কল্যাণ বিভাগৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে ৰাজ্যৰ ৰাজধানী আইজলত কমেও ৩০ জন ভিক্ষাৰী আছে। ইয়াৰে কিছুমান আইজলৰ বাসিন্দা।

উল্লেখ্য যে,অহা ১৩ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামত ছাইৰাং-ছিহমুই ৰেলপথ উদ্বোধন কৰিব।লালৰিণপুইৰ মতে ৰেলপথটো কাৰ্যক্ষম হ’লেই অন্য ৰাজ্যৰ ভিক্ষাৰীও মিজোৰামলৈ আহিব পাৰে।

স্মৰ্তব্য যে,ভাৰতত ভিক্ষা নিষিদ্ধ কৰা কোনো কেন্দ্ৰীয় আইন নাই। যদিও আঞ্চলিক পৰ্যায়ত একাংশ অঞ্চলত ভিক্ষা নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উদাহৰণস্বৰূপে, চলিত বৰ্ষৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ ভূপাল আৰু ইন্দোৰ জিলাত ভিক্ষা নিষিদ্ধ কৰা হৈছিল।

Exit mobile version