Biswanath:
অত্যাৱশ্যকীয় বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে নিম্ন বিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহক একপ্ৰকাৰ দিশহাৰা কৰিছে। খৰচৰ জোৰা মৰাত অপাৰগ হৈছে অনেক। স্বাভাৱিকতে পৰিয়ালৰ ভৰণ-পোষণ দিয়াত এনে বহু পৰিয়ালৰ মুৰব্বী সমস্যাৰ সম্মুখীন হৈছে। বিশ্বনাথৰ এটি নিম্ন আয়ৰ পৰিয়ালৰ এগৰাকী ছাত্রীয়ে ই-ৰিক্সা চলাই পৰিয়ালৰ খৰচৰ জোৰা মৰাত সহায় কৰিবলগীয়া হৈছে। বিশ্বনাথ বাণিজ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী ৰীমা তেৰাংপী সম্প্রতি অঞ্চলটোত চৰ্চাৰ কেন্দ্রবিন্দুত পৰিণত হৈছে।
ছাত্ৰী গৰাকীৰ ঘৰ হৈছে বিশ্বনাথৰ অসম-অৰুণাচল প্রদেশ সীমান্তৰ মিছামাৰি গাঁৱত। ৰীমাৰ পিতৃ লক্ষীৰাম তেৰাং মিস্ত্রি। পিতৃৰ উপাৰ্জনবে ঘৰ নচলাত ৰীমাই এই অগতানুগতিক পথ ল’ব লগা হৈছে। ছাত্ৰী গৰাকীৰ অধ্যয়নৰ প্ৰতিও আছে অত্যন্ত আগ্রহ। ইয়াৰ আভাস স্পষ্ট কৰি তেওঁ আনুষ্ঠানিক শিক্ষা গ্রহণো অব্যাহত ৰাখিছে। তেওঁ নিতৌ পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই অহাৰ সময়ত ই-ৰিক্সাখনো লৈ আহে।
পুৱা স্কুলীয়া ভাড়া মৰাৰ পাছত নিজ বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়ত পাঠগ্রহণ শেষ কৰাৰ পাছত বিদ্যালয় চৌহদৰ পৰা ওলাই গৈ জীৱন যুদ্ধত নামি পৰে ছাত্ৰীগৰাকী। তেওঁ মাহিলি ভাড়াত স্কুলীয়া ছাত্র-ছাত্রী কঢ়িওৱা দায়িত্বও নিয়াৰিকৈ পালন কৰি আছে। ৰীমাৰ মাতৃৰ শাক-পাচলিৰ ক্ষুদ্র দোকান আছে। মাতৃৰ দোকানৰ বাবে ৰীমাই নিজে বিশ্বনাথ নগৰৰ পৰা সতেজ শাক-পাচলি ক্ৰয় কৰি লৈ যায়। এফালে ঘৰৰ প্রতি দায়িত্ববোধ আৰু আনফালে শিক্ষাৰ প্রতি থকা ধাউতিয়ে ছাত্ৰী গৰাকীক পৰিপক্ক কৰি তুলিছে। সম্প্রতি ৰীমা হৈ পৰিছে সকলো ছাত্র ছাত্রীৰ আদর্শ তথা আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷
