Lottery:
আশাত বন্দী জীৱন ! এবাৰ নহয়, দুবাৰ নহয়, শতাধিক বাৰ ব্যৰ্থ হোৱাৰ পাছতো লটাৰীত ধন লাভৰ আশা হেৰুওৱা নাছিল আমেৰিকাৰ দক্ষিণ কেৰ’লাইনাৰ এজন যুৱকে। এদিন হ’লেও ভাগ্য পৰীক্ষাত উত্তীর্ণ হ’ব বুলি আত্মবিশ্বাস ধৰি ৰখা এই যুৱকজনে শেহতীয়াভাৱে মূল্যৰ হিচাপত ১০ কোটি টকা লাভ কৰিবলৈ সক্ষম হ’ল। ভাগ্য পৰীক্ষাত উত্তীর্ণ হোৱাৰ বাবে তেওঁ একেটা নম্বৰতে ১৬২ বাৰ টিকট ক্রয় কৰে। ইয়াৰ বাবদ তেওঁ ৩৫.৫ লাখ টকা খৰচ কৰে। অৱশেষত একেটা নম্বৰতে তেওঁৰ ভাগ্য ফুলিল। এই সম্পর্কত যুৱকজনে প্রকাশ কৰা অনুসৰি, তেওঁৰ অন্তৰত ১৭৩১ নম্বৰৰ প্রতি অগাধ বিশ্বাস আছে।
এই নম্বৰতে তেওঁ ১৬২ বাৰ লটাৰীৰ টিকট ক্ৰয় কৰি ৩৫.৫ লাখ টকা খৰচ কৰে। অৱশেষত তেওঁৰ এই নম্বৰটোতে ভাগ্য ফুলে আৰু ১০ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। যুৱকজনৰ এই সৌভাগ্যৰ কথা সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে। বিষয়টোক লৈ বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে খুহুটীয়া মন্তব্যও কৰিছে।
উল্লেখ্য যে শেহতীয়াভাৱে চীনৰ এগৰাকী যুৱতী লটাৰীৰ জৰিয়তে কোটিপতিত পৰিণত হয়। যোৱা আঠ আগষ্টত যুৱতী গৰাকীয়ে ঘৰুৱা বয়-বস্তু ক্রয় কৰোতে লটাৰীৰ টিকট ক্রয় কৰে। এই টিকটৰ জৰিয়তে তেওঁৰ ভাগ্য উদয় হয়। তেওঁ লটাৰী জয় কৰি কোটি টকা লাভ কৰে।
ADVERTISEMENT






























